অসম

assam

অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে আপৰ বিক্ষোভ - AAP PROTEST

By ETV Bharat Assamese Team

Published : Apr 29, 2024, 10:04 PM IST

Arvind Kejriwal : দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ নেতা অৰবিন্দ কেজৰিৱালৰ কাৰাবন্দীত্বৰ বিৰুদ্ধে সাব্যস্ত প্ৰতিবাদ ৷ মহানগৰী গুৱাহাটীত দলীয় নেতা-কৰ্মীয়ে এই প্ৰতিবাদ সাব্যস্ত কৰে ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ দিনটোতে আপৰ কৰ্মীসকলে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় ৷

AAP PROTEST
আপৰ বিক্ষোভ

গুৱাহাটী, ২৯ এপ্ৰিল: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ দিনটোতে মহানগৰী গুৱাহাটীত গৃহমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে প্ৰতিবাদী আন্দোলন আম আদমী পাৰ্টিৰ ৷ সোমবাৰে দলটোৰ অসমৰ ৰাজ্যিক কাৰ্যালয়ৰ সন্মুখতে শতাধিক নেতা-কৰ্মীয়ে দিল্লীৰ মুখ্যমন্ত্ৰী তথা দলৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালক ই ডিৰ জৰিয়তে কাৰাবন্দী কৰি ৰখাৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰে ৷

আপৰ বিক্ষোভ

আপৰ স্বেচ্ছাসেৱক সকলে গৃহমন্ত্ৰী অমিত শ্বাহৰ পুত্তলিকা দাহ কৰাৰ চেষ্টা কৰে যদিও বাধা প্ৰদান কৰে আৰক্ষীয়ে ৷ 'কেজৰিৱালক মুক্তি দিয়ক, গণতন্ত্ৰ আৰু সংবিধান ৰক্ষা কৰক, একনায়কত্ববাদ নচলিব’ আদি শ্লোগানেৰে আপৰ প্ৰতিবাদকাৰীসকলে ৰাজপথ উত্তাল কৰি তোলে ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধেও বিভিন্ন শ্লোগান দিয়ে আপৰ কৰ্মীসকলে ৷

কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে আপৰ বিক্ষোভ

এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি আপ অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে কয়, "আম আদমী পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক কেন্দ্ৰীয় চৰকাৰে আক্ৰোশমূলকভাৱে ই ডিৰ জৰিয়তে গ্ৰেপ্তাৰ কৰিছে ৷ কোনো ধৰণৰ তথ্য, প্ৰমাণ অবিহনে ভুৱা গোচৰত প্ৰায় এমাহ ধৰি মুখ্যমন্ত্ৰী কেজৰিৱালক কাৰাবন্দী কৰি ৰাখিছে ৷ সেইবাবেই আজি গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ দিনটোতে আমি চৰকাৰৰ একনায়কত্ববাদী নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছো" ৷

আপৰ ৰাজ্যিক সভাপতি গৰাকীয়ে গৃহমন্ত্ৰীৰ ৰোড শ্ব' উপলক্ষে ৰাজ্যৰ বন বিভাগে মহানগৰীৰ ৰাজপথৰ দাঁতিৰ গছ কটাৰ বিৰুদ্ধেও সৰৱ হোৱা পৰিলক্ষিত হয় ৷ তেওঁ কয় যে,"যি সময়ত চৰকাৰে অমৃত বৃক্ষ ৰোপণৰ কথা কৈছে, সেই সময়তে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ স্বাৰ্থত চৰকাৰৰ বন বিভাগে গুৱাহাটীৰ ৰাজপথৰ গছ কাটি তহিলং কৰিছে ৷ আমি ইয়াৰে বিৰোধিতা কৰিছোঁ" ৷

লগতে চাওক:মহানগৰীত অমিত শ্বাহৰ মেগা ৰোড শ্ব’, গুৱাহাটীৰ বিজেপি প্ৰাৰ্থীৰ হৈ চলালে প্ৰচাৰ - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details