অসম

assam

শুই থাকোঁতেই হত্যা কৰিছিল স্বামীক; ১৪ বছৰৰ পিচত গ্ৰেপ্তাৰ শিক্ষয়িত্ৰী - Husband murder

By ETV Bharat Assamese Team

Published : Apr 22, 2024, 6:27 PM IST

HUSBAND MURDER
SULFA murder in Amguri

SULFA murder in Amguri: স্বামী হত্যাৰ অপৰাধত জেললৈ প্ৰেৰণ এগৰাকী শিক্ষয়িত্ৰীক । শুই থকা অৱস্থাতে হত্যা কৰোৱাইছিল স্বামীক । প্ৰায় ১৪ বছৰ পূৰ্বে এই কাণ্ড সংঘটিত কৰাৰ পিচতো পত্নীয়ে কৰি আছিল শিক্ষকতা । অৱশেষত ৰহস্য ফাদিল ।

আমগুৰি, ২২ এপ্ৰিল: ২০০৯ চনতে সংঘটিত এটা হত্যাকাণ্ডৰ দীঘলীয়া তদন্তৰ অন্তত গ্ৰেপ্তাৰ হৈছে মূল অভিযুক্ত । শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত নিয়োজিত আছিল হত্যাকাৰী । অতি শীতল মস্তিষ্কৰে আৰু সুপৰিকল্পিতভাৱে সম্পন্ন কৰিছিল হত্যাকাণ্ডটো । ২০০৯ চনৰ ৫ ছেপ্টেম্বৰত সংঘটিত এই হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত কেবাগৰাকীও লোকক গ্ৰেপ্তাৰ কৰা হৈছিল যদিও ১৪ বছৰৰ পিচতহে মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ল আৰক্ষী । হত্যাকাণ্ডটো সংঘটিত হৈছিল শিৱসাগৰ জিলাৰ আমগুৰিত ।

শিৱসাগৰ জিলাৰ আমগুৰিৰ ব্যৱসায়ী তথা ছালফা সদস্য দীপক গগৈক (বগাই) নৃশংসভাৱে হত্যা কৰা হৈছিল ১৪ বছৰ পূৰ্বে । ২০০৯ চনৰ ৫ ছেপ্টেম্বৰৰ নিশা নিজৰ শোৱনী কোঠাৰ ভিতৰতে দীপক গগৈক চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰা হৈছিল । দীপক গগৈয়ে আমগুৰি নগৰতে ইলেট্রিকেল সামগ্রী বিক্ৰী কৰা এখন দোকান দি জীৱন নিৰ্বাহ কৰি আছিল । অঞ্চলটোৰ সৰবৰহী ব্যক্তি তথা প্রাক্তন খেলুৱৈ দীপক গগৈৰ হত্যাত অঞ্চলটোত তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছিল ।

শিক্ষয়িত্রী পত্নী আৰু দুগৰাকী কন্যাৰ সৈতে আমগুৰি নগৰত বাস কৰা দীপক গগৈৰ নৃশংস হত্যাকাণ্ডৰ সৈতে বহুকেইজন যুৱকৰ নাম সাঙোৰ খাইছিল যদিও এই হত্যাত জড়িত বিনোদ শইকীয়া নামৰ যুৱকজন যাৱজীৱন কাৰাদণ্ডৰে দণ্ডিত হৈ আছে । কিন্তু ঘটনাৰ মাষ্টাৰ মাইণ্ড আছিল মৃত দীপক গগৈৰ পত্নীহে ।

সেই সময়ৰ শিৱসাগৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মুচলেমুদ্দিন আহমেদৰ উপস্থিতিত আৰক্ষীয়ে ক্ষীপ্র তদন্ত চলাই প্রকৃত এগৰাকী অপৰাধীক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল । আৰক্ষীৰ প্ৰাথমিক তদন্তত দীপকৰ পত্নীৰ ভাষ্যই বিভ্রান্তিৰ সৃষ্টি কৰিছিল যদিও পত্নীৰ আৰু দীপকৰ কোঠাৰ দুৱাৰ মুক্ত অৱস্থাত থকাৰ কথা প্রমাণ হোৱাৰ পাচতেই পত্নী জড়িত থকা কথাটো নিশ্চিত হৈ পৰে । পৰৱৰ্তী সময়ত দীপকৰ পত্নী মিনতি বৰা গগৈয়ে আদালতৰপৰা জামিন লাভ কৰে যদিও শেহতীয়াকৈ পুনৰ উক্ত ঘটনাত আদালতে তেওঁক দোষী সাব্যস্ত কৰে । মিনতি বৰা গগৈক সোমবাৰে আমগুৰি আৰক্ষীয়ে আদালতৰ নিৰ্দেশ অনুসৰি গ্ৰেপ্তাৰ কৰে ।

উল্লেখ্য যে, আমগুৰি পৰিদৰ্শন বাংলোৰ এটা পানী টেংকীৰ পৰা সেই হত্যাকাণ্ডত ব্যৱহৃত খুকুৰীখন উদ্ধাৰ কৰিছিল আৰক্ষীয়ে । উক্ত খুকুৰীখন বিনোদে মিনতিৰ পৰামৰ্শ মতে লুকুৱাই ৰাখিছিল । বিনোদে আৰক্ষীৰ আগত সেই কথা প্রকাশ কৰিছিল । আৰক্ষীয়ে বিনোদক গ্ৰেপ্তাৰ কৰাৰ পিছতেই তেওঁৰ ভাষ্য অনুসৰি পৰিদৰ্শন বাংলোৰ নিৰ্দিষ্ট স্থানৰ পৰা হত্যাকাণ্ড সংঘটিত কৰাৰ সময়ত ঘাতকে পিন্ধি লোৱা হেণ্ডছ গ্ল'ব, চোলা আৰু এটা হাফ পেন্ট উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল ।

উক্ত ঘটনাৰ তদন্তৰ বাবে স্নিফাৰ ডগৰো সহায় লৈছিল তদন্তকাৰী আৰক্ষী বিষয়াই । আজি সুদীৰ্ঘ ১৪ বছৰৰ অন্তত স্বামী হত্যাৰ অপৰাধত শিক্ষয়িত্ৰী মিনতি বৰা গগৈক আমগুৰিস্থিৰ পেঙেৰা মজলীয়া বিদ্যালয়ৰপৰা গ্ৰেপ্তাৰ কৰি আমগুৰি আৰক্ষীয়ে জেললৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক:নিশাৰ অন্ধকাৰতে ঘটিল এই ঘটনা, গৈ নাপালে নিজৰ ঘৰ - Murder In West Karbi Anglong

ABOUT THE AUTHOR

...view details