ETV Bharat / state

নিশাৰ অন্ধকাৰতে ঘটিল এই ঘটনা, গৈ নাপালে নিজৰ ঘৰ - Murder in West Karbi Anglong

author img

By ETV Bharat Assamese Team

Published : Apr 22, 2024, 1:10 PM IST

Updated : Apr 22, 2024, 1:33 PM IST

MAN BEHEADED IN KARBI ANGLONG : দিন কাল সলনি হ’ল ৷ নিশাৰ এন্ধাৰত কি কি যে নঘটে ৷ যেন মানুহৰ জীৱনৰ নিৰাপত্তাই নোহোৱা হ’ল ৷ কোনোৱে ভবা নাছিল, এনেকুৱা এটা ঘটনা ঘটিব বুলি ৷ কিন্তু নভবা ঘটনাবোৰেই দেখোন ঘটি যায় ৷ পশ্চিম কাৰ্বি আংলঙতো দেওবাৰে নিশা সংঘটিত হ’ল তেনে এক ঘটনা ৷

MURDER IN WEST KARBI ANGLONG
পশ্চিম কাৰ্বি আংলঙত হত্যাকাণ্ড
নিশাৰ অন্ধকাৰতে ঘটিল এই ঘটনা

ডিফু, 22 এপ্ৰিল : ৰাজ্যত যিমানে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা বুলি গৃহ বিভাগে সদৰী কৰিছে, অপৰাধমূলক কাৰ্যকলাপৰো সংখ্যা সিমানে বৃদ্ধি পাবলৈ ধৰিছে ৷ এতিয়া নিৰ্বাচনৰ বতৰ ৷ তাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ ৰাজ্যত স্বাভাৱিকতে বৃদ্ধি কৰা হৈছে নিৰাপত্তা ব্যৱস্থা ৷ কিন্তু তেনে সময়তে পশ্চিম কাৰ্বিং আংলঙত সংঘটিত হৈছে এক হত্যাকাণ্ডৰ ঘটনা ৷

প্ৰাপ্ত তথ্য অনুসৰি, দেওবাৰে নিশা পশ্চিম কাৰ্বি আংলঙত এগৰাকী ব্যক্তিক ডিঙি কাটি হত্যা কৰা হয় ৷ জেংখাৰ ঠেপ্লিৰাম গাঁৱত সংঘটিত উক্ত হত্যাকাণ্ডত প্ৰাণ হেৰুওৱা ব্যক্তিগৰাকীৰ বয়স আছিল 60 বছৰ ৷ ৰুস্তম তিচ্চক নামৰ ব্যক্তিগৰাকীক নিশা এখন নিৰ্বাচনী প্ৰচাৰ সভাৰ পৰা ঘৰলৈ ওভোতাৰ পথতে হত্যা কৰে দুৰ্বৃত্তই ৷

পৰৱৰ্তী সময়ত স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক ৷ খবৰ লাভৰ পাচতে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

জানিব পৰা মতে, প্ৰায় 6/7 বছৰ পূৰ্বেও তিচ্চকক হত্যাৰ চেষ্টা চলাইছিল অচিনাক্ত দুৰ্বৃত্তই ৷ ব্যক্তিগৰাকী শোৱাপাটীত থকা অৱস্থাতে কোনো অচিনাক্ত দুৰ্বৃত্তই তেওঁৰ শোৱাকোঠাত প্ৰৱেশ কৰি এচিড ঢালি প্ৰাণে মৰাৰ চেষ্টা চলাইছিল ৷ কিন্তু উক্ত ঘটনা কোনে, কি উদ্দেশ্যৰে সংঘটিত কৰিছিল সেয়া, আজি পৰ্যন্ত জানিব পৰা নগ’ল ৷ অৱশেষত ব্যক্তিগৰাকীয়ে দেওবাৰে নিশা দুৰ্বৃত্তৰ আক্ৰমণতে প্ৰাণ হেৰুৱায় ৷

এই ঘটনাটোৱে সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্য সৃষ্টি কৰাৰ লগতে আন আন বাসিন্দাসকলক ভীতিগ্ৰস্ত কৰি তুলিছে ৷ আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে ৷ নিৰ্বাচনৰ সময়ত ঘটা এনে ঘটনাত ৰাজনৈতিক পাকচক্ৰৰ প্ৰভাৱ থকাটো নুই কৰিব নোৱাৰি ৷

লগতে চাওক: গৰু চুৰিক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি; জ্বলাই দিলে বাহন; আৰক্ষীৰ জিম্মাত অভিযুক্ত - Cattle Smuggling In Morigaon

Last Updated : Apr 22, 2024, 1:33 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.