ETV Bharat / state

গৰু চুৰিক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি; জ্বলাই দিলে বাহন; আৰক্ষীৰ জিম্মাত অভিযুক্ত - Cattle Smuggling In Morigaon

author img

By ETV Bharat Assamese Team

Published : Apr 22, 2024, 11:59 AM IST

angry people burnt two vehicle on suspicion of stealing cows in morigaon
গৰু চুৰিক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি; জ্বলাই দিলে বাহন; আৰক্ষীৰ জিম্মাত অভিযুক্ত

Cattle Smuggling In Morigaon: মৰিগাঁও জিলাৰ কুমৈ-তেতেলীয়াত গৰু চুৰিক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি ৷ উত্তেজিত লোকে জ্বলাই দিলে দুখনকৈ বাহন ৷ 3 অভিযুক্ত আৰক্ষীৰ জিম্মাত ৷

গৰু চুৰিক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি; জ্বলাই দিলে বাহন; আৰক্ষীৰ জিম্মাত অভিযুক্ত

মৰিগাঁও, 22 এপ্ৰিল: গৰু চুৰি ৰোধৰ বিৰুদ্ধে আৰক্ষী-প্ৰশাসনে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ পাচতো হ্ৰাস হোৱা নাই ৰাজ্যত গৰু চুৰিৰ ঘটনা ৷ বৰঞ্চ ৰাজ্যত বৃদ্ধি হোৱাহে পৰিলক্ষিত হৈছে গৰু চুৰিৰ ঘটনা । প্ৰায় প্ৰতিদিনে পোহৰলৈ আহে এটাৰ পাচত আনটো গৰু চুৰিৰ ঘটনা । গৰু চুৰিৰ সন্দেহত ৰাজ্যত পুনৰ সংঘটিত হৈছে লংকাকাণ্ড ।

angry people burnt two vehicle on suspicion of stealing cows in morigaon
গৰু চুৰিক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি; জ্বলাই দিলে বাহন; আৰক্ষীৰ জিম্মাত অভিযুক্ত

মৰিগাঁও জিলাৰ কুমৈ-তেতেলীয়া জিলাত সংঘটিত হৈছে পুনৰ গৰু চুৰিৰ ঘটনা । ঘটনাৰ বিৱৰণী অনুসৰি দেওবাৰৰ নিশা মৰিগাঁও জিলাৰ ধৰমতুল আৰক্ষী থানাৰ অন্তৰ্গত তেতেলীয়াত গৰু চুৰিৰ সন্দেহত একাংশ ৰাইজে জ্বলাই দিলে দুখনকৈ চাৰিচকীয়া বাহন । বাহন দুখনত চুৰি গৰু কঢ়িয়াই নিয়াৰ সন্দেহত গো-পালকসকলে সন্দেহজনক যুৱককেইজনক সোধা-পোচ চলায় ।

angry people burnt two vehicle on suspicion of stealing cows in morigaon
গৰু চুৰিক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি; জ্বলাই দিলে বাহন; আৰক্ষীৰ জিম্মাত অভিযুক্ত

ইয়াৰ পাচতে স্থানীয় ক্ষোভিত ৰাইজে জ্বলাই দিয়ে দুখনকৈ বাহন । অভিযুক্ত তিনি গৰু চোৰক ক্ষোভিত ৰাইজে গতাই দিয়ে ধৰমতুল আৰক্ষীক । ক্ষোভিত ৰাইজে জ্বলাই দিয়া দুখনকৈ বাহন ক্ৰমে AS 01-DK-7214 নম্বৰৰ বলেৰ’ আৰু আনখন হ’ল AS01-QC-5575 নম্বৰৰ টাটা যুদ্ধা ।

অভিযুক্ত গৰু চোৰকেইটা মুচাৰিকুল ইছলাম, মৰছিদুল ইছলাম আৰু গুলজাৰ হুছেইন বুলি আৰক্ষীয়ে জনায় । আটাইৰে ঘৰ মৰিগাঁৱৰ লাহৰিঘাটত বুলি জানিব পৰা গৈছে ৷ স্থানীয় ভুক্তভোগী ৰাইজে গৰু চুৰি চক্ৰটো নাশ সম্পূৰ্ণৰূপে নাশ কৰি ৰাইজক সকাহ প্ৰদান কৰিবলৈ আহ্বান জনাইছে । সম্প্ৰতি ধৰমতুল আৰক্ষী থানাত আটকাধীন চোৰকেইটা ।

উল্লেখ কৰা প্ৰয়োজন যে, মৰিগাঁৱৰ ধৰমতুল বিহুবড়ীত জানুৱাৰী মাহতো ঘটিছিল সদৃশ ঘটনা ৷ উত্তেজিত লোকে গৰু সৰবৰাহৰ সন্দেহত বাহন এখন জ্বলাই দিয়াৰ লগতে বাহনখনৰ চালক-হেণ্ডিমেনকো মাৰধৰ কৰিছিল ৷

লগতে পঢ়ক: মৰিগাঁৱৰ ধৰমতুলত পুৱাই ৰাইজে জ্বলাই দিলে বাহন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.