অসম

assam

দুখন বিশেষ ফটোৱে লগাইছে তোলপাৰ; গেৰুৱা হ'ব নেকি ৰাকেশ পাল ? - Rakesh Paul hints to join BJP

By ETV Bharat Assamese Team

Published : Mar 27, 2024, 6:57 PM IST

Updated : Mar 28, 2024, 10:14 AM IST

Rakesh Paul meets RSS leaders: RSS ৰ নেতা আৰু বিজেপি ৰাষ্ট্ৰীয় নেতাৰ সৈতে উঠা ৰাকেশ পালৰ ফটো ভাইৰেল সামাজিক মাধ্যম X-ত ৷ প্ৰধানমন্ত্ৰী মোদী, অমিত শ্বাহ, জে পি নাড্ডা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো ৰাকেশ পালে X-ত বিশেষভাৱে কৰিলে উল্লেখ ।

prime accused of APSC scam
Rakesh Paul hints to join BJP

গুৱাহাটী, ২৭ মাৰ্চ: ৰাজনীতিৰ পথাৰত প্ৰৱেশ কৰিব নেকি ৰাকেশ পালে ? বিজেপিমুখী হৈছে নেকি ৰাকেশ পাল ? বিচিত্ৰ মহিমা APSC কেলেংকাৰীৰ অন্যতম অভিযুক্ত ৰাকেশ পালৰ । কেতিয়াবা যদি গায়ক ৰূপী পালে মুকলি কৰিছে গানৰ এলবাম, তেন্তে আন কেতিয়াবা আধ্যাত্মিক ৰূপত আত্মপ্ৰকাশ ৰাকেশ পালৰ ।

এইবাৰ আৰএছএছ নেতাৰ মাৰ্গ দৰ্শন ৰাকেশ পালৰ । RSS নেতা ইন্দ্ৰেশ কুমাৰক সাক্ষাৎ কৰি মাৰ্গ দৰ্শন ল’লে ৰাকেশ পালে । নতুনকৈ খোলা X একাউণ্টত আত্মপ্ৰকাশ কৰিছে ৰাকেশ পালে । এই একাউণ্টতেই বুধবাৰে ৰাকেশ পালে বিজেপিৰ সৈতে সম্পৰ্কৰ ইংগিত দি দুটা পোষ্ট কৰিছে । পোষ্ট দুটাত কেইখনমান ফটো সংলগ্ন কৰিছে ৰাকেশ পালে ৷

ইয়াৰে এখন ফটো প্ৰভাৱশালী RSS নেতা ইন্দ্ৰেশ কুমাৰৰ সৈতে ৷ আনখন এগৰাকী বিজেপি ৰাষ্ট্ৰীয় নেতা বিজেপিৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সাধাৰণ সাংগঠনিক সম্পাদক সঞ্জয় বিনায়ক যোশীৰ সৈতে । দুয়োখন ফটোৱেই বিশেষ তাৎপৰ্য বহন কৰিছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সাংগঠনিক সম্পাদক ফণী শৰ্মা, পৱিত্ৰ মাৰ্ঘেৰিটা, জয়ন্তমল্ল বৰুৱা,পীযুষ হাজৰীকা, বিজেপি নেতা ড° সুকান্ত, পশ্চিমবংগৰ বিজেপি নেতা শুভেন্দু অধিকাৰীৰ লগতে সাংসদ দিলীপ শইকীয়াকো উল্লেখ কৰিছে নিজৰ পোষ্টত ।

RSS ৰ নেতা ইন্দ্ৰেশ কুমাৰৰ সৈতে ৰাকেশ পাল
বিজেপি নেতা সঞ্জয় বিনায়ক যোশীৰ সৈতে ৰাকেশ পাল

আনকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো নিজৰ পোষ্টত উল্লেখ কৰিছে ৰাকেশ পালে । একাউণ্টটোত আজি দুপৰীয়া কৰা প্ৰথমটো পোষ্টত ৰাকেশ পালে উল্লেখ কৰিছে RSS নেতা ইন্দ্ৰেশ কুমাৰক সাক্ষাৎ কৰি মাৰ্গ দৰ্শন লাভ কৰাৰ কথা ৷ ফটোখন X ত পোষ্ট কৰি পালে লিখিছে- "সন্মানীয় @RssIndreshKumar জীক লগ পোৱাটো এটা সৌভাগ্যৰ কথা আৰু তেওঁৰ "মাৰ্গ দৰ্শন" লাভ কৰি ধন্য হ’লো ।" ইয়াৰ উপৰিও ৰাকেশ পালে এই পোষ্টটোত কাক কাক উল্লেখ (@) কৰিছে সেয়াও মন কৰিবলগীয়া ৷

বিজেপি নেতা সঞ্জয় বিনায়ক যোশীৰ সৈতে নিজে থকা ফটোখন দিয়া দ্বিতীয়টো পোষ্টত ৰাকেশ পালে লিখিছে- "প্ৰবীণ নেতা @BJPSanjayJoshi জীক লগ পাই আনন্দিত আৰু তেওঁৰ পথ প্ৰদৰ্শনৰ বাবে ধন্য হ’লো ।" এইটো পোষ্টত ৰাকেশ পালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপৰিও গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাকো উল্লেখ কৰিছে ।

ৰাকেশ পালৰ একাউণ্টটোত পোষ্ট কৰা দুয়োখন ফটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে । লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ৰাকেশ পালৰ এই দুখন ফটোৱে যে বিজেপিক প্ৰশ্নৰ সন্মুখীন কৰিব সেয়া নিশ্চিত ৷

উল্লেখ্য যে অসম কঁপোৱা এপিএছচি কেলেংকাৰী গোচৰত অভিযুক্ত ৰাকেশ পাল এতিয়াও দোষমুক্ত হোৱা নাই । এপিএছচিত দুৰ্নীতিৰে চাকৰিৰ বজাৰ পতা আৰু বৃহৎ সম্পত্তিৰ পাহাৰ গঢ়াৰ অভিযোগত প্ৰায় ৬ বছৰ জে’লত থাকি সদ্যহতে জামিন লাভ কৰি মুকলি আকাশৰ তলত ৰাকেশ পাল ৷

লগতে পঢ়ক:বিজেপিত যোগদান কৰাৰ 'ছিগনেল' কি ? ক’লে মুখ্যমন্ত্ৰীয়ে - Lok Sabha Election 2024

Last Updated : Mar 28, 2024, 10:14 AM IST

ABOUT THE AUTHOR

...view details