অসম

assam

অসম জাতীয় পৰিষদৰ একমাত্ৰ পাৰিষদে যোগদান কৰিলে বিজেপিত - Guwahati Municipal Corporation

By ETV Bharat Assamese Team

Published : Apr 13, 2024, 11:01 PM IST

অসম জাতীয় পৰিষদৰ একমাত্ৰ পাৰিষদগৰাকীয়েও যোগদান কৰিলে বিজেপিত ৷ আশা কৰামতে দলত গুৰুত্ব লাভ নকৰাৰ বাবেই শাসকীয় দলটোত যোগদান পাৰিষদগৰাকীৰ ৷

HUKUM SHAN ALI BOXI COUNCILLOR
অসম জাতীয় পৰিষদৰ একমাত্ৰ পাৰিষদৰ বিজেপিত যোগদান

অসম জাতীয় পৰিষদৰ একমাত্ৰ পাৰিষদৰ বিজেপিত যোগদান

গুৱাহাটী, 13 এপ্ৰিল : লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন ৷ নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই নেতা-কৰ্মীৰ দল সলোৱাৰ তৎপৰতা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে ৷

শনিবাৰেও একেই দৃশ্য পৰিলক্ষিত হ’ল বশিষ্ঠস্থিত বাজপেয়ী ভৱনত ৷ নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে বিৰোধীশূন্য কৰি প্ৰতিটো দলৰ নেতাই যোগ দিছে ভাৰতীয় জনতা পাৰ্টীত ৷ কোনো কাৰণত জি এম চিৰ ১ নং ৱাৰ্ডৰ পাৰিষদ হুকুম চান আলী বক্সি, প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ মৃদুল মালাকৰ, অসম জাতীয় পৰিষদৰ যুৱশক্তিৰ প্ৰাক্তন সম্পাদক মনোজ কলিতা, গুৱাহাটী মহানগৰ মহিলা কংগ্ৰেছ সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদিকা ৰেজিনা বেগম, তৃণমূল কংগ্ৰেছৰ প্ৰাক্তন ৰাজ্যিক সম্পাদক জাহিবুৰ ৰহমান, প্ৰাক্তন কংগ্ৰেছ নেতা লোহিত চন্দ্ৰ দাসৰ লগতে প্ৰায় ডেৰ শতাধিক নেতা-কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰে ।

দলৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত অনুষ্ঠিত হৈ যোৱা যোগদান কাৰ্যক্ৰমত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, অসম চৰকাৰৰ মন্ত্ৰীদ্বয় জয়ন্ত মল্লবৰুৱা, চন্দ্ৰমোহন পাটোৱাৰী, ৰাজ্যিক বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক জি আৰ ৰবীন্দ্ৰ ৰাজু, মেয়ৰ মৃগেন শৰণীয়া, ৰাজ্যিক উপ সভানেত্ৰী বিজুলী কলিতা মেধিৰ লগতে দলীয় কৰ্মীসকল উপস্থিত আছিল ।

নৱাগতসকলক দলৰ মজিয়ালৈ আদৰণি জনাই ভৱেশ কলিতাই কয়, ‘‘আজিৰ যোগদানে আমাৰ দলক আৰু অধিক শক্তিশালী কৰিব । অনাগত দিনত যোগদানকাৰীসকলে দলীয় নীতি-আদৰ্শ মানি চলি সমাজ নিৰ্মাণৰ স্বাৰ্থত নিষ্ঠা সহকাৰে কাম কৰি যাব বুলি আশা ৰাখিলোঁ ।’’

আনহাতে গুৱাহাটী পৌৰ নিগমৰ ১ নং ৱাৰ্ডৰ পাৰিষদ হুকুম চান আলী বক্সিয়ে কয়, ‘‘অসম জাতীয় পৰিষদ দলত যিমান গুৰুত্ব পাব লাগিছিল মই নাপালোঁ, যাৰ বাবে আজি বিজেপি দলত যোগদান কৰিলোঁ । সৰ্বানন্দ সোণোৱালক ছাত্ৰ সন্থাৰ দিনৰ পৰা লগ পাইছোঁ । তেওঁৰ প্ৰতিদ্বন্দ্বী হিচাপে লুৰীণজ্যোতি গগৈ বৃহৎ ব্যৱধানত পৰাস্ত হ'ব । কিন্তু লুৰীণজ্যোতি গগৈয়ে জাতিৰ হকে বহু কম কৰিব খোজে । নিৰ্বাচনৰ পিচতে অসম জাতীয় পৰিষদ ধ্বংস হ'ব । অসম জাতীয় পৰিষদে মাত্ৰ এজন পাৰিষদ থকা স্বত্বেও দিবলগীয়া গুৰুত্ব নিদিয়াৰ বাবে দলত্যাগ কৰিবলৈ বাধ্য হ’লোঁ ।’’

লগতে পঢ়ক:আপ মানে কি যদিহে নাজানে তেনেহ’লে সোধক মন্ত্ৰী বিমল বড়াক

ABOUT THE AUTHOR

...view details