অসম

assam

যোৰহাটত দুই লাখ ভোটৰ ব্যৱধানত পৰাজিত হ'ব গৌৰৱ : পীযুষ হাজৰীকা

By ETV Bharat Assamese Team

Published : Mar 15, 2024, 6:03 PM IST

MP Pradyut Borlodai : মন্ত্ৰী পীযুষ হাজৰীকাই নগাঁৱত প্ৰদ্যুৎ বৰদলৈৰ লগত এগৰাকীও কংগ্ৰেছী বিধায়ক নাই বুলি কটাক্ষ কৰে । তেওঁ কয় যে মাৰ্ঘেৰিটাৰ পৰা ৰকিবুল হুছেইনেই মাতি আনি সাংসদ নিৰ্বাচিত কৰিছিল প্ৰদ্যুৎ বৰলদৈক ।

Minister Pijush Hazarika
মন্ত্ৰী পীযুষ হাজৰীকা

মন্ত্ৰী পীযুষ হাজৰীকা

নগাঁও, ১৫ মাৰ্চ:নগাঁৱত শুক্ৰবাৰে কেইবাটাও আঁচনিৰ আধাৰশিলা স্থাপন কৰি কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে কেবিনেট মন্ত্ৰী পীযুষ হাজৰীকা । মন্ত্ৰীগৰাকীয়ে সাংসদ তথা যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ বিৰুদ্ধে সৰৱ হৈ কয়," যোৰহাটত এইবাৰ বেয়াকৈ মুখথেকেচা খাব গৌৰৱ গগৈয়ে । যোৰহাটত কমেও দুই লাখ ভোটৰ ব্যৱধানত পৰাজিত হ'ব গৌৰৱ গগৈ । "

আজি নগাঁৱত উপস্থিত হৈ কেইবাটাও চৰকাৰী কামৰ আধাৰশিলা স্থাপন কৰি সংবাদ মাধ্যমৰ সন্মুখত বিৰোধী কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমনাত্মক হৈ পৰে মন্ত্ৰী পীযুষ হাজৰীকা । বিশেষকৈ নগাঁও লোকসভা সমষ্টিৰ বিপৰীতে যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব লাভ কৰা গৌৰৱ গগৈ এইবাৰ পৰাজিত হোৱাটো নিশ্চিত বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।

ইপিনে, নগাঁও লোকসভা সমষ্টিকলৈয়ো মন্তব্য কৰে মন্ত্ৰী হাজৰিকাই । নগাঁও লোকসভা সমষ্টিত নথকা প্ৰদ্যুৎ বৰদলৈক ৰাইজে বিপদৰ সময়ত বিচাৰি নাপায় বুলি উল্লেখ কৰি প্ৰদ্যুৎ বৰদলৈয়ও পৰাজয়বৰণ কৰিব বুলি মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকাই । প্ৰদ্যুৎ বৰদলৈৰ সৈতে নগাঁৱৰ কংগ্ৰেছৰ এগৰাকী বিধায়কো নাই বুলি কয় মন্ত্ৰী পীযুষ হাজৰীকাই । বিগত লোকসভা নিৰ্বাচনত ৰকিবুল হুছেইনে মাৰ্ঘেৰিটাৰ পৰা মাতি আনি প্ৰদ্যুৎ বৰদলৈক সাংসদ জয়ী কৰাইছিল বুলি উল্লেখ কৰি প্ৰদ্যুৎ বৰদলৈৰ কাষত এইবাৰ ৰকিবুল হুছেইনো নাই বুলি কটাক্ষ কৰে মন্ত্ৰী পীযুষ হাজৰীকাই । এ আই ইউ ডি এফ দলৰ সভাপতি বদৰুদ্দিন আজমলৰ সৈতে ৰকিবুল হুছেইনৰ ভাল সম্পৰ্ক আছিল বাবেই চামগুৰিত ৰকিবুলৰ বিৰুদ্ধে আজমলে কোনো দিনেই শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাছিল বুলিও তেওঁ মন্তব্য কৰে । অৱশ্যে এইবাৰ আজমলৰ সৈতে ৰকিবুল হুছেইনৰ নিৰ্বাচনী সংঘাত হোৱা বুলিও উল্লেখ কৰে মন্ত্ৰী পীযুষ হাজৰীকাই

শুক্ৰবাৰে নগাঁৱত উপস্থিত হৈ খুটিকটিয়াত জলসম্পদ বিভাগৰ খহনীয়া প্ৰতিৰোধৰ কামৰ শিলান্যাস কৰাৰ লগতে অনুসূচিত জাতি কল্যাণ সঞ্চালকলায়ৰ দ্বাৰা অনুমোদিত আঁচনিৰ জৰিয়তে নগাঁও ডচন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ অন্তঃগাথঁনিৰ উন্নয়নৰ কামৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী মন্ত্ৰী পীযুষ হাজৰীকাই ।

লগতে পঢ়ক:বিৰোধীৰ ভোট বিভাজনৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিবলৈ উঠি-পৰি লাগিছে বিজেপি

ABOUT THE AUTHOR

...view details