অসম

assam

কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান সমৰজিত হাফলংবাৰৰ - Samarjit Haflongbar joins BJP

By ETV Bharat Assamese Team

Published : Mar 22, 2024, 5:42 PM IST

Assam Congress: অব্যাহত আছে কংগ্ৰেছ এৰি শাসকীয় দলত যোগদানৰ ধাৰা ৷ ডিমা হাছাও জিলা কংগ্ৰেছৰ সভাপতি সমৰজিত হাফলংবাৰেও শুকুৰবাৰে যোগদান কৰিলে বিজেপিত ৷

SAMARJIT HAFLONGBAR JOINS BJP
কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান সমৰজিত হাফলংবাৰৰ

হাফলং, 22 মাৰ্চ: লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ডিমা হাছাও জিলা কংগ্ৰেছত এতিয়া হাহাকাৰ পৰিস্থিতি । কংগ্ৰেছ দল ত্যাগ কৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ তথা ডিমা হাছাও জিলা কংগ্ৰেছৰ সভাপতি সমৰজিত হাফলংবাৰে । কিছুদিন পূৰ্বে শাৰীৰিক অসুস্থতাৰ কাৰণ দেখুৱাই ডিমা হাছাও জিলা কংগ্ৰেছৰ সভাপতিৰ পদৰ পৰা পদত্যাগ কৰিছিল সমৰজিত হাফলংবাৰে ৷

কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান সমৰজিত হাফলংবাৰৰ

ডিমা হাছাও জিলা কংগ্ৰেছ সভাপতিৰ পৰা পদত্যাগ কৰিলেও কংগ্ৰেছ দল ত্যাগ কৰা নাছিল সমৰজিত হাফলংবাৰে ৷ কিন্তু লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ নেতাগৰাকীয়ে যোৱা 19 মাৰ্চত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ওচৰত অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ আৰু ডিমা হাছাও জিলা কংগ্ৰেছৰ সভাপতিৰ লগতে কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰি এখন পদত্যাগপত্ৰ প্ৰেৰণ কৰে ।

শুকুৰবাৰে গুৱাহাটীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত সমৰজিত হাফলংবাৰে আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে । ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ উপস্থিতিত বিজেপিত যোগদান কৰে সমৰজিত হাফলংবাৰে ৷

যোগদান অনুষ্ঠানটোত উপস্থিত থাকে বিদ্যাছিং ইংলেং, দৰছিং ৰংহাং, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাং আৰু কাৰ্বি-আংলং স্বায়ত্তশাসিত পৰিষদৰ সদস্য তথা ডিফু লোকসভা সংসদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থী অমৰছিং টিছ' ৷ উল্লেখ্য যে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰা সমৰজিত হাফলংবাৰ বোকাজানৰ প্ৰাক্তন বিধায়ক হোৱাৰ উপৰিও উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য, ডিমা হাছাও জিলা কংগ্ৰেছৰ সভাপতি আছিল ৷

ইপিনে লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দল ত্যাগ কৰি সমৰজিত হাফলংবাৰে বিজেপি দলত যোগদান কৰাৰ ফলত ডিমা হাছাও জিলা কংগ্ৰেছৰ অৱস্থা অধিক শোচনীয় হৈ পৰিছে ।

লগতে পঢ়ক:ডিমা হাছাও জিলা কংগ্ৰেছ সভাপতিৰ পদত্যাগ: কাৰণ দৰ্শালে শাৰীৰিক অসুস্থতা

ABOUT THE AUTHOR

...view details