অসম

assam

আক্ৰমণৰ বলি শুকুৰ আলী ! কংগ্ৰেছে ভয় খাই মানুহ লগোৱা বুলি অভিযোগ - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : May 1, 2024, 10:52 PM IST

কংগ্ৰেছ কৰ্মীয়ে শুকুৰ আলীক আক্ৰমণ কৰাৰ অভিযোগ ৷ কংগ্ৰেছ-এ আই ইউ ডি এফে প্ৰাৰ্থীগৰাকীক টাৰ্গেট কৰা থকাৰ অভিযোগ ৷ আৰক্ষীৰ কাষ চাপিছে

ATTACK ON SUKUR ALI
আক্ৰমণৰ বলি শুকুৰ আলী !

আক্ৰমণৰ বলি শুকুৰ আলী !

জনিয়া, 1 মে’: তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠাৰ সময়তে আমিন আলী নামৰ এগৰাকী কংগ্ৰেছী পালিনেতাই শুকুৰ আলীক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে । অসম জনমৰ্চা দলৰ ২ নং ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী শুকুৰ আলীক আক্ৰমণ কৰা ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ ।

উল্লেখ্য যে, মন্দিয়া বিধানসভা সমষ্টিৰ টি এন ডি বজাৰত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি শুকুৰ আলী আক্ৰমণৰ বলি হোৱা বুলি অভিযোগ উত্থাপিত হৈছে ৷ TND বজাৰত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়ত আমিন নামৰ কংগ্ৰেছী পালিনেতাই প্ৰথমে ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী শুকুৰ আলীৰ বাহনত আক্ৰমণ কৰি দলীয় প্ৰতীক চিহ্ন ছিঙি দিয়াৰ পিচত তেওঁক শাৰীৰিকভাৱে অপদস্থ কৰে বুলি অভিযোগ উত্থাপিত হৈছে ।

সমগ্ৰ অভিযোগ উল্লেখ কৰি প্ৰাৰ্থী শুকুৰ আলীয়ে কলগাছিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে । উল্লেখযোগ্য যে, শুকুৰ আলীলৈ ভয় কৰি কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনে গুণ্ডা বাহিনী লগাই এই আক্ৰমণ কৰিছে বুলি ধুবুৰীৰ প্ৰাৰ্থীগৰাকীয়ে অভিযোগ কৰিছে ।

ইফালে আন এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে শুকুৰ আলীয়ে ৷ নিৰ্বাচনী প্ৰচাৰ চলোৱা সময়ত এ আই ইউ ডি এফ আৰু কংগ্ৰেছৰ দুৰ্নীতিৰ বিৰুদ্ধে কথা কোৱাৰ বাবে পূৰ্বৰে পৰাই শুকুৰ আলীক কংগ্ৰেছী নেতাজনে টাৰ্গেট কৰি লৈছিল বুলি শুকুৰ আলীয়ে জনাইছে ।

শুকুৰ আলীৰ মতে তেওঁৰ দেহৰক্ষী থকাৰ বাবেহে প্ৰাণৰক্ষা পৰিল ৷ শীঘ্ৰে আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰি শাস্তি দিয়াৰ লগতে ভোটাৰ ৰাইজক ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ আহ্বান জনাইছে শুকুৰ আলীয়ে ।

লগতে পঢ়ক:বৰপেটাত কেইবাটাও শুকুৰ আলী ওলাল : জয়ন্ত মল্লবৰুৱা

ABOUT THE AUTHOR

...view details