দেহশ্ৰী প্ৰতিযোগিতাত ভাৰতৰ হৈ সোণৰ পদক আজুৰিলে বিপুল চেতিয়াই - Body building competition
Assam son Bipul Chetia wins gold medal : Sheru Classic দেহশ্ৰী প্ৰতিযোগিতাত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰি Star Category শাখাত সোণৰ পদক আজুৰি আনিলে তিনিচুকীয়াৰ বিপুল চেতিয়াই ৷

Published : June 13, 2024 at 5:02 PM IST
তিনিচুকীয়া, ১৩ জুন : ফাষ্টফুটৰ ব্যৱসায়ৰ পৰা দেহশ্ৰী প্ৰতিযোগিতালৈ সোণালী যাত্ৰা তিনিচুকীয়াৰ সন্তান বিপুল চেতিয়াৰ । শেহতীয়াকৈ নতুন দিল্লীত অনুষ্ঠিত হোৱা Sheru Classic দেহশ্ৰী প্ৰতিযোগিতাত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰি Star Category শাখাত সোণৰ পদক আজুৰি আনি অসম তথা তিনিচুকীয়া জিলাখনৰ বাবে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় বিপুল চেতিয়াই ৷
স্বৰ্গীয় লোহিত চেতিয়া আৰু গীতালী চেতিয়াৰ পুত্ৰ বিপুল চেতিয়া (৩১) ৷ তিনিচুকীয়া শ্ৰীপুৰীয়াৰ নিবাসী বিশেষভাবে সক্ষম যুৱক বিপুল চেতিয়াই বহু বাধাৰ হেঙাৰ ভাঙি আজুৰি আনিবলৈ সক্ষম হয় সোণৰ পদক ৷
বিপুল চেতিয়াৰ জীৱন কাহিনী :
চতুৰ্থ শ্ৰেণীত পঢ়ি থকাৰ সময়তে পিতৃহাৰা হয় বিপুল ৷ তাৰ পাচতে দশম শ্ৰেণীত অধ্যয়ণৰত সময়ৰ পৰাই বিপুল চেতিয়াই নিজৰ পঢ়াৰ খৰচ উলিয়াবলৈ বজাৰত বিক্ৰী কৰিছিল শাক-পাচলি ৷ পৰৱৰ্তী সময়ত নিজৰ অক্ষমতাক প্ৰাধান্য নিদি বিপুলে 2011 চনৰ পৰা আৰম্ভ কৰে দেহশ্ৰী প্ৰতিযোগিতাৰ বাবে শৰীৰ চৰ্চা ৷
তাৰ সমান্তৰালকৈ 2013 চনৰ পৰা নিজৰ ঘৰৰ সন্মুখতে এখন সৰু মাংসৰ দোকান আৰম্ভ কৰিছিল বিপুলে ৷ তেওঁৰ ব্যৱসায় ঠিকেই চলি আছিল যদিও পৰৱৰ্তী সময়ত সেই স্থানত মাংসৰ দোকান অধিক হোৱাত ব্যৱসায় সলনি কৰিলে বিপুলে ৷ মাংস দোকানৰ কাষতেই 2018 চনৰ পৰা তেওঁ সৰুকৈ আৰম্ভ কৰে ফাষ্টফুডৰ ব্যৱসায় ৷ ম’ম', ফ্ৰাইড ৰাইছ, কাবাব, ললীপপ, চাওমিনকে আদি কৰি গ্ৰাহকে সোৱাদ ল’ব বিচৰা অধিকাংশ খাদ্যই উপলব্ধ বিপুল চেতিয়াৰ "ইট ম’ৰ” নামৰ ফাষ্টফুডৰ ঠেলাখনত ৷
বিয়লি 3 বজাৰ পৰা নিশা 10 বজালৈ ফাষ্টফুডৰ দোকানখন প্ৰতিদিনে বিপুলে মাতৃৰ সহযোগত চলাই আহিছে ৷ বিপুলৰ হাতৰ সোৱাদ ল’বলৈ আগমন ঘটে অগণন গ্ৰাহকৰ । ইয়াৰ সমান্তৰালকৈ শৰীৰ চৰ্চাও আগবঢ়াই লৈ গৈ আছিল বিপুলে ৷
লগতে পঢ়ক: Inspirational story: পদপথত ভাত বেচি পুত্ৰক চিকিৎসক পঢ়ুৱাইছে সুনিল ঠাকুৰীয়াই
পলিঅ’ত আক্ৰান্ত বিপুলৰ শৰীৰৰ বাওঁফালটো দুৰ্বল যদিও মনত তেওঁৰ অদম্য সাহস আৰু ধৈৰ্য আছ ৷ ইয়াৰ পিচতে বিপুলে কঢ়িয়াই আনিছে ৰাষ্ট্ৰীয় সন্মান ৷ 2023 বৰ্ষৰ 16 জুনৰ পৰা 21 জুন 2023 লৈকে International Health, Sports & Fitness Body Building Association এ দিল্লীত অনুষ্ঠিত কৰা Star category ( Physically challenge) প্ৰতিযোগিতাত একেৰাহে IHFF Olympia pro qualifier 1st Runner Up Silver medal, BBSA Mr Asia Winner Gold Medal আৰু FBBA National winner gold মেডেল লাভ কৰি তিনিচুকীয়া জিলাৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল বিপুলে ৷
এই শাখাত পদক লাভ কৰা বিপুল প্ৰথমজন অসমীয়া ৷ 2011 চনৰ পৰা বিপুলে এই পৰ্যন্ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তিনিটা, ৰাষ্ট্ৰীয় পৰ্যায়ত চাৰিটাকৈ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷
বিপুল চেতিয়াই পুৱা 11 বজাত তিনিচুকীয়া চহৰস্থিত জীম প্লেনেট গেৰাণ্টীত অনুশীলন কৰাৰ পাচত বিয়লি 3 বজাৰ পৰা নিশা 10 বজালৈ চলাই ফাষ্টফুডৰ দোকান ৷
বিপুলৰ সপোন যে তেওঁ আগন্তুক অলিম্পিয়াত অংশগ্ৰহণ কৰি প্ৰথমজন অসমীয়া হিচাপে বঁটা আজুৰি আনিব, যাৰ কাৰণে তেওঁ ইতিমধ্যে আৰম্ভ কৰিছে অনুশীলন ৷ ইতিমধ্যে মুম্বাইত অনুষ্ঠিত হ’বলগা “অলিম্পিয়া-২০২৪” ৰ বাবে নিমন্ত্ৰণ লাভ কৰিছে বিপুলে ৷
লগতে পঢ়ক: Athlete needs financial aid :হ'ব নে বোকাৰ পদুম প্ৰমিলাৰ সপোন পূৰণ !

