গুৱাহাটী, ১৬ এপ্ৰিল:অসমলৈ প্ৰধানমন্ত্ৰীৰ আগমনৰ প্ৰস্তুতিক ক্ষুৰধাৰ সমালোচনা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেত্ৰী অলকা লাম্বাৰ । সোমবাৰে গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত উপস্থিত হৈ কংগ্ৰেছৰ নেত্ৰী অলকা লাম্বাই সাংবাদিকৰ আগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰি কয় যে বিজেপিয়ে বেৰিকেড দি গুৱাহাটীত প্ৰধানমন্ত্ৰীৰ ৰোড শ্ব'ৰ আয়োজন কৰিছে । কিন্তু অসম তথা গুৱাহাটীত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাত বিজেপিৰ ডবল ইঞ্জিন চৰকাৰে বাধা প্ৰদান কৰিছিল ।
এতিয়াও অসমত নিৰ্বাচনী সভাত ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী আৰু কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেক অংশগ্ৰহণ কৰাত বিভিন্ন বাধা দি থকা হৈছে বুলিও লাম্বাই অভিযোগ কৰে । তেওঁ বিজেপি চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ কয়, "যদি নৰেন্দ্ৰ মোদীয়ে ১০ বছৰৰ শাসনৰ ৰিপোৰ্ট কাৰ্ড ৰাইজৰ আগত দিব পাৰিলে হয়, আজি এনেদৰে গুৱাহাটীত নিৰ্বাচনৰ বাবে ভোট বিচাৰি ৰোড শ্ব' কৰাৰ প্ৰয়োজন নাথাকিলেহেতেন ।"