অসম

assam

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সঁহাৰিৰ প্ৰতিশ্ৰুতিৰে বিপিএফৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি - LOK SABHA ELECTION 2024

By ETV Bharat Assamese Team

Published : Apr 24, 2024, 7:12 AM IST

Kokrajhar Lok Sabha constituency: বিটিআৰৰ কোচ-ৰাজবংশী আৰু আদিবাসী জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে মাত মাতিব বিপিএফে ৷ পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ লগতে মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষণক জনাব সমৰ্থন ।

Kokrajhar Lok Sabha constituency
বিপিএফৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি

বিপিএফৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি

কোকৰাঝাৰ, ২৪ এপ্ৰিল : কোকৰাঝাৰ জিলাৰ গোসাঁইনিচিনা সমূহীয়া ভৱনত মঙলবাৰে অনুষ্ঠিত এক নিৰ্বাচনী প্ৰচাৰ সভাত বিপিএফৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰা হয় ৷ নিৰ্বাচনী ইস্তাহাৰ আনুষ্ঠানিকভাৱে মুকলি কৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী খাম্ফা বৰগয়াৰীয়ে ৷ বিপিএফৰ নিৰ্বাচনী ইস্তাহাৰত কোচ ৰাজবংশী আৰু আদিৱাসী জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীক সমৰ্থন জনোৱা হৈছে । তদুপৰি বিপিএফৰ নিৰ্বাচনী ইস্তাহাৰখনত বিটিচি অঞ্চলৰ সকলো জাতি-জনগোষ্ঠীৰ সম উন্নয়ন, সম অধিকাৰ আধাৰ হিচাপে লৈ অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণত সঁহাৰি জনোৱাৰ লগতে 'ডি'ভোটাৰৰ সমস্যা সমাধান কৰা, শৈক্ষিক, কৃষি, যাতায়াত আৰু যোগাযোগ, স্বাস্থ্য ব্যৱস্থাৰ উন্নয়ন আদি বিভিন্ন বিষয়ত গুৰুত্ব আৰোপ কৰা হৈছে ৷

এই ইস্তাহাৰখনত মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষণক সমৰ্থন জনোৱা হৈছে । তদুপৰি পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ বাবে মাত মাতিব বিপিএফ দলে ৷ ইপিনে, নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰাৰ পিছত বিটিআৰৰ প্ৰাক্তন উপমুখ্য কাৰ্যবাহী সদস্য় তথা ১ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী খাম্ফা বৰগয়াৰীয়ে কয় যে কোচ ৰাজবংশী আৰু আদিবাসী লোকসকলৰ জনজাতিকৰণৰ দাবীক সমৰ্থন আৰু ইয়াৰ বাবে মাত মাতি যাব বুলি ইস্তাহাৰত প্ৰকাশ কৰা হৈছে । তদুপৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ জাতীয় সমস্যাসমূহ সমাধানৰ প্ৰতিশ্ৰুতি, মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষণক সমৰ্থন, আশাকৰ্মী, অংগনৱাড়ী আৰু ৰান্ধনী কৰ্মী-সহায়িকাৰ দৰমহা বৃদ্ধিৰ বাবে মাত মাতিব বুলিও তেওঁ কয় ।

আনহাতে, ভাৰত-ভূটান সীমান্তৱৰ্তী এলেকা উল্টাপানী, সৰলপাৰাত বিদ্যুত যোগানৰ প্ৰতিশ্ৰুতিৰ লগতে আন ভালেমান প্ৰতিশ্ৰুতি নিৰ্বাচনী ইস্তাহাৰত সন্নিবিষ্ট কৰিছে বিপিএফ দলে । উল্লেখ্য যে নিৰ্বাচনী সভা আৰু ইস্তাহাৰ মুকলি অনুষ্ঠানত বিপিএফৰ কোকৰাঝাৰ লোকসভাৰ প্ৰাৰ্থী খাম্ফা বৰগয়াৰীৰ লগতে বিধায়ক ৰবিৰাম নাৰ্জাৰী , বিটিআৰৰ পাৰিষদ দেৰহাছাৎ বসুমতাৰী, বিপিএফৰ নিৰ্বাচন পৰিচালনা কমিটীৰ অধ্যক্ষ থানেশ্বৰ বসুমতাৰী, সাধাৰণ সম্পাদক মনেশ্বৰ ব্ৰহ্ম উপস্থিত থাকে ।

লগতে পঢ়ক:বিশাল ৰেলীৰে মনোনয়ন দাখিল কৰিলে বি পি এফৰ প্ৰাৰ্থী খাম্ফা বৰগয়াৰীয়ে - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details