বিশাল ৰেলীৰে মনোনয়ন দাখিল কৰিলে বি পি এফৰ প্ৰাৰ্থী খাম্ফা বৰগয়াৰীয়ে - Lok Sabha Election 2024
Khampha Borgyari files nomination: বিশাল ৰেলী বাহিৰ কৰি বি পি এফৰ প্ৰাৰ্থী খাম্ফা বৰগয়াৰীৰ মনোনয়ন দাখিল । আনহাতে ইউ পি পি এলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ মনোনয়ন দাখিলৰ সময়ত ইউ পি পি এলে ৫০০ টকাকৈ হাজিৰা দি মানুহ অনা বুলি অভিযোগ উত্থাপন কৰে হাগ্ৰামাৰ মহিলাৰীয়ে ।

Published : April 19, 2024 at 9:06 PM IST
কোকৰাঝাৰ,১৯ এপ্ৰিল: তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজি আছিল মনোনয়ন দাখিলৰ অন্তিম দিন । মনোনয়ন দাখিলৰ অন্তিম দিনা শুকুৰবাৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ বাবে বি পি এফৰ প্ৰাৰ্থী খাম্ফা বৰগয়াৰীয়ে মনোনয়ন দাখিল কৰে । কোকৰাঝাৰ চহৰৰ জে ডি ৰোডস্থিত নিজ বাসগৃহৰ সন্মুখৰ পৰাই সহস্ৰাধিক সমৰ্থকক লৈ ৰেলী কৰি আহি কোকৰাঝাৰ লোকসভা সমষ্টিৰ ৰিৰ্টানিং বিষয়াৰ হাতত নিজৰ মনোনয়ন দাখিল কৰে খাম্ফা বৰগয়াৰীয়ে ।
- " class="align-text-top noRightClick twitterSection" data="">
প্ৰায় ৫ কিলোমিটাৰ পথৰে উলিওৱা ৰেলীত বি পি এফ প্ৰধান হাগ্ৰামা মহিলাৰী, বিধায়ক ৰবিৰাম নাৰ্জাৰী, বি পি এফৰ জ্যেষ্ঠ নেতা তথা এম চি এল এ দেৰহাছাৎ বসুমতাৰী, এম চি এল এ দনেশ্বৰ গয়াৰী, প্ৰাক্তন মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্ম, বড়ো ওমেন জাষ্টিচ ফৰামৰ নেত্ৰী অঞ্জলী দৈমাৰীকে আদি কৰি বি পি এফৰ বহুসংখ্যক নেতাই অংশগ্ৰহণ কৰে ৷ ইপিনে মনোনয়ন দাখিলৰ পিচত প্ৰাৰ্থী খাম্ফা বৰগয়াৰীয়ে কোকৰাঝাৰ লোকসভা সমষ্টিত বিপুল ভোটত জয়লাভ কৰিম বুলি দাবী কৰে ।
কোকৰাঝাৰ আৰু দৰং-ওদালগুৰি লোকসভা সমষ্টিত বি পি এফৰ কোনো প্ৰতিদ্বন্দ্বী নাই বুলি উল্লেখ কৰি সকলো জাতি-জনগোষ্ঠীৰ ৰাইজে বি পি এফক ভোট দিবলৈ সাজু হৈ আছে বুলি মন্তব্য কৰে বি পি এফৰ প্ৰাৰ্থী খাম্ফা বৰগয়াৰীয়ে ৷ আনহাতে মনোনয়নপত্ৰ দাখিলৰ সময়ত খাম্ফা বৰগয়াৰীক সংগ দিয়া বি পিএ ফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে কোকৰাঝাৰ আৰু দৰং-ওদালগুৰি এই দুটা সমষ্টিতে বি পি এফৰ জয় নিশ্চিত বুলি দাবী কৰে ।
কোকৰাঝাৰ লোকসভা সমষ্টিত খাম্ফা বৰগয়াৰী আৰু দৰং-ওদালগুৰিত দূৰ্গাদাস বড়োৰ জয় এশ শতাংশই নিশ্চিত বুলি দাবী কৰে হাগ্ৰামাই । এন ডি এ সমৰ্থিত ইউ পি পি এলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ মনোনয়ন দাখিলক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে কোকৰাঝাৰৰ গ্ৰীণ ফিল্ডত আয়োজন কৰা বিশাল নিৰ্বাচনী সভাত ইউ পি পি এলে ৫০০ টকাকৈ হাজিৰা দি নিজৰ সভালৈ মানুহ অনা বুলি অভিযোগ কৰে হাগ্ৰামা মহিলাৰীয়ে । আনহাতে নৱ কুমাৰ শৰণীয়াই নিৰ্বাচন খেলিব নোৱাৰিব আৰু মনোনয়ন দিলেও নৱ কুমাৰ শৰণীয়াৰ মনোনয়ন নাকচ হ'ব দাবী কৰে বি পি এফ প্ৰধানগৰাকীয়ে ।
লগতে পঢ়ক: কোন ৰাজনৈতিক নেতাই ক’ত কৰিলে ভোটাধিকাৰ সাব্যস্ত ? - Lok Sabha Election 2024

