অসম

assam

নাও বুৰিলেও টিঙৰ পৰা নানামে কংগ্ৰেছৰ নেতা : ৰাজ্যিক বিজেপি

By ETV Bharat Assamese Team

Published : Feb 15, 2024, 7:55 PM IST

Updated : Feb 15, 2024, 8:04 PM IST

BJP Slams Congress : বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন মুখ্য মুখপাত্ৰ মনোজ বৰুৱাৰ ৷ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সুপ্ৰিয়া শ্ৰীনেট আৰু গৌৰৱ গগৈক কঠোৰ সমালোচনা কৰে মনোজ বৰুৱাই ৷ নাও বুৰিলেও টিঙৰ পৰা ননমাটো কংগ্ৰেছৰ নেতা সকলৰ সোঁচৰা ৰোগত পৰিণত হৈছে বুলি মন্তব্য কৰে তেওঁ ৷

BJP Slams Congress
কংগ্ৰেছক সমালোচনা ৰাজ্যিক বিজেপিৰ

ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত সংবাদমেল

গুৱাহাটী, 15 ফেব্ৰুৱাৰী : "কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় মুখপাত্ৰই শেহতীয়াকৈ বিভ্ৰান্তিকৰ তথ্যৰে অপ-প্ৰচাৰ চলোৱা আমাৰ পৰিলক্ষিত হৈছে ৷ বিগত সময়ছোৱাত নাও বুৰিলেও টিঙৰ পৰা ননমাটো কংগ্ৰেছৰ নেতা সকলৰ সোঁচৰা ৰোগত পৰিণত হৈছে ৷"- এই মন্তব্য ৰাজ্যিক বিজেপিৰ মুখ্য মুখপাত্ৰ মনোজ বৰুৱাৰ ৷ বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত সম্বোধন কৰা এক সংবাদমেলত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সুপ্ৰিয়া শ্ৰীনেট আৰু গৌৰৱ গগৈক কঠোৰ সমালোচনা কৰে মনোজ বৰুৱাই ৷

বিজেপি নেতাজনে কয় যে নাও বুৰিলেও টিঙৰ পৰা ননমাটো কংগ্ৰেছৰ নেতা সকলৰ সোঁচৰা ৰোগত পৰিণত হৈছে ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু অন্যান্য নেতাসকল এই ৰোগত আক্ৰান্ত আছিল ৷ বর্তমান সময়ত কংগ্ৰেছৰ সৰ্বস্তৰৰ নেতা এই ৰোগত আক্ৰান্ত হোৱা পৰিলক্ষিত হৈছে ৷ যিখিনি সময়ত সমাজৰ সৰ্বস্তৰৰ লোকে ভাৰতীয় জনতা পাৰ্টিক আকোঁৱালি লৈছে, সেইখিনি সময়ত গৌৰৱ গগৈয়ে বিজেপি শংকিত হোৱাৰ অভিযোগ কৰিছে ৷ গৌৰৱ গগৈক প্ৰশ্ন উত্থাপন কৰি তেঁও কয় যে, যিখিনি সময়ত কংগ্ৰেছ দলৰ প্ৰাক্তন মন্ত্ৰীৰ পৰা আৰম্ভ কৰি বুথ পৰ্যায়ৰ কার্যকর্তা সকলে ধাৰাবাহিকভাৱে পদত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিৰ সদস্য পদ গ্ৰহণ কৰিছে, সেইখিনি সময়ত বিজেপি নে কংগ্ৰেছ শংকিত হৈছে ?

মনোজ বৰুৱাই পুনৰ কয় যে, যিসময়ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মা অসমৰ যি প্ৰান্ততে উপস্থিত হৈছে, সেই প্ৰান্ততে হাজাৰ হাজাৰ আবাল-বৃদ্ধ বনিতা উপস্থিত হৈ অকুণ্ঠ মৰম-চেনেহ আৰু সমর্থন যাচিছে, তেনে সময়ত বিজেপি নে কংগ্ৰেছহে শংকিত হ'ব ? যিখিনি সময়ত কংগ্ৰেছ নেতৃত্বাধীন ইণ্ডি এলায়েন্সে শাসনত অধীষ্ঠিত হোৱাৰ অলীক স্বপ্ন দেখিছিল, তেনে সময়ত ইণ্ডি এলায়েন্সৰ অংশীদাৰ ৰাজনৈতিক দলে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে নিজৰ প্ৰাৰ্থী পর্যন্ত ঘোষণা কৰে সেইখিনি সময়ত বিজেপি শংকিত হ’ব নে কংগ্ৰেছ শংকিত হ'ব ? গৌৰৱ গগৈয়ে এই সমূহ প্ৰশ্নৰ উত্তৰ অসমবাসীক দিব লাগিব বুলি কয় তেওঁ ৷

কংগ্ৰেছৰ এনে অৱাস্তব আৰু ভিত্তিহীন সমালোচনাই ভাৰতীয় জনতা পাৰ্টিৰ উত্থানত কোনোধৰণৰ প্ৰভাৱ পেলাব নোৱাৰে বুলিও মুখপাত্ৰ গৰাকীয়ে উল্লেখ কৰে ৷ নেতাজনে লগতে কয় য়ে কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সুপ্ৰিয়া শ্ৰীনেটে শেহতীয়াকৈ বিভ্ৰান্তিকৰ তথ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰাৰ নামত দুহাজাৰ টকা ঋণ সাত বছৰ পৰ্যন্ত চলাব নোৱাৰিলে বুলি অভিযোগ উত্থাপন কৰিছিল ৷ তেওঁ কয় যে, প্ৰকৃততে কংগ্ৰেছী সকলৰ মন-মগজু নোটতেই আৱদ্ধ ৷ শেহতীয়াকৈ ঝাৰখণ্ডৰ কংগ্ৰেছী বিধায়ক ধীৰাজ চাহুৰ ঘৰত 350 কোটি টকাৰ নগদ ধন জব্দ হোৱা কার্যই ইয়াকে প্ৰতিপন্ন কৰিছে বুলি মন্তব্য কৰে মুখপাত্ৰজনে ৷

লগতে বিভ্ৰান্তিকৰ বক্তব্যৰে কংগ্ৰেছ দলে ভাৰতীয় জনতা পাৰ্টিক সমালোচনাৰ নামত যি অপপ্ৰচাৰত লিপ্ত হৈছে তাৰ পৰা বিৰত থাকিবলৈ কংগ্ৰেছৰ নেতা সকলক ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশ মুখপাত্ৰ গৰাকীয়ে সকীয়াই দিয়ে ৷

লগতে পঢ়ক :২০০০ টকীয়া নোট এখনো চলাব নোৱৰা লোকে ৭০ বছৰৰ হিচাপ বিচৰাটো হাস্যকৰ: সুপ্ৰিয়া শ্ৰীনাটে

Last Updated : Feb 15, 2024, 8:04 PM IST

ABOUT THE AUTHOR

...view details