ETV Bharat / politics

২০০০ টকীয়া নোট এখনো চলাব নোৱৰা লোকে ৭০ বছৰৰ হিচাপ বিচৰাটো হাস্যকৰ: সুপ্ৰিয়া শ্ৰীনাটে

author img

By ETV Bharat Assamese Team

Published : Feb 14, 2024, 9:49 PM IST

Supriya Shrinate: সংবাদমেলত বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ মুখপাত্ৰ সুপ্ৰিয়া শ্ৰীনাটেৰ । ২০০০ টকীয়া নোট ৭ বছৰো চলাব নোৱৰা লোকে কংগ্ৰেছৰ পৰা ৭০ বছৰৰ হিচাপ বিচৰাটো হাস্যকৰ । ২০১৪ চনৰ পৰা ২০২৪ চনলৈ নিজে কি কাম কৰিছে সেইবোৰ আলোচনা কৰিবলৈ সাহস নথকা বিজেপিয়ে ইউ পি এ চৰকাৰ কাম-কাজক লৈ মিছা কথাৰে ভৰি থকা শ্বেতপত্ৰ প্ৰকাশ কৰাটো দেশৰ বাবেই বিড়ম্বনা ।

Supriya Shrinate
নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ মুখপাত্ৰ সুপ্ৰিয়া শ্ৰীনাটে

গুৱাহাটী, ১৪ ফেব্ৰুৱাৰীঃ ‘‘কংগ্ৰেছৰ সত্তৰ বছৰৰ হিচাপ সেইজন ব্যক্তিয়ে বিচাৰে যিজনে নিজে প্ৰচলন কৰা ২০০০ টকীয়া নোটখনেই ৭ বছৰো চলাই ৰাখিব নোৱাৰিলে । ইয়াতকৈ হাস্যকৰ কথা এই দেশত আৰু কি হ’ব পাৰে ।’’- এই মন্তব্য নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ মুখপাত্ৰ সুপ্ৰিয়া শ্ৰীনাটেৰ ।

বুধবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি কংগ্ৰেছ নেত্ৰীগৰাকীয়ে মোদী চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে । কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ তথা ছ’চিয়েল মিডিয়া বিভাগৰ ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীয়ে কয় যে বিজেপি চৰকাৰে নিজৰ দহ বছৰীয়া কাৰ্যকালৰ হিচাপ নিদি পূৰ্ব চৰকাৰৰ কাৰ্যকালৰ কথা কৈছে ।

বিগত ১০ বছৰত দেশত অন্যায় কাল চলি আছে বুলিও মন্তব্য কৰি কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ২০১৯ চনৰ আজিৰ দিনটোতে পুলৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হোৱা ৪০ গৰাকী চি আৰ পি এফ জোৱানৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে । তেওঁ নিৰ্বাচনত শ্বহীদক লৈ ৰাজনীতি নকৰিবলৈকো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তথা বিজেপিক সকীয়াই দিয়ে ।

তেওঁ কয় যে নিৰ্বাচনৰ পূৰ্বে বিজেপি চৰকাৰে দেশবাসীৰ সমুখত নিজৰ ৰিপ’ৰ্ট কাৰ্ড প্ৰকাশ কৰিব লাগিছিল যদিও সেয়া নকৰি দুষ্ট ছাত্ৰজনৰ দৰে ১০ বছৰ আগৰ ইউ পি এ চৰকাৰৰ কাম-কাজৰ কথাহে দেশবাসীক চিঞৰি চিঞৰি ক’বলৈ আৰম্ভ কৰাটো হাস্যকৰ কথা ।

২০১৪ চনৰ পৰা ২০২৪ চনলৈ নিজে কি কাম কৰিছে সেইবোৰ আলোচনা কৰিবলৈ সাহস নথকা বিজেপিয়ে ইউ পি এ চৰকাৰ কাম-কাজক লৈ মিছা কথাৰে ভৰি থকা শ্বেতপত্ৰ প্ৰকাশ কৰাটো দেশৰ বাবেই বিড়ম্বনা বুলিও কংগ্ৰেছ নেত্ৰীগৰাকীয়ে মন্তব্য কৰে ।

বিজেপিয়ে দলীয়ভাৱে ইউ পি এ চৰকাৰৰ কাম-কাজৰ কথাক লৈ পুস্তিকা প্ৰকাশ কৰিলে সেয়া দেশৰ জনতাই ডাষ্টবিনলৈ নিক্ষেপ কৰিব বুলি জানিয়েই বিত্ত মন্ত্ৰণালয়ৰ আমোলা-বিষয়াসকলক ব্যৱহাৰ কৰি বিত্ত মন্ত্ৰণালয়ৰ তৰফৰ পৰা শ্বেতপত্ৰ প্ৰকাশ কৰিছে বুলিও অভিযোগ উত্থাপন কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ।

সংবাদমেলত তেওঁ আৰু কয় যে ইউ পি এ চৰকাৰে ১০ বছৰত কি কি কৰিছিল সেয়া দেশৰ জনতাই জানেই, গতিকে এতিয়া জনতাই বিজেপিয়ে আৰু মোদী চৰকাৰে যোৱা ১০ বছৰত কি কি কৰিলে সেই কথাহে আলোচনা কৰিবলৈ আগ্ৰহী । এই ১০ বছৰত মোদী চৰকাৰে দেশৰ জনতাৰ সৈতে কেৱল অন্যায় আৰু অন্যায় কৰিছে । এই অন্যায় বিৰুদ্ধে দেশৰ জনতা সজাগ হোৱাৰ এয়াই সময় ।

বিজেপিৰ আভুৱা ভৰা কথাত এতিয়া আৰু সৰ্বসাধাৰণ ৰাইজে ভোল নাযায় বুলি তেওঁ কয় । মোদী চৰকাৰে কৰা অন্যায়ৰ কথা উল্লেখ কৰি তেওঁ সংবাদমেলত যোৱা ১০ বছৰৰ ৰিপ’ৰ্ট কাৰ্ড দাঙি ধৰে । তেওঁ কয় যে মোদী চৰকাৰৰ শাসন কালত ইচ্ছা অনুযায়ী তথ্যৰ হেৰ-ফেৰ ঘটোৱা সত্বেও দেশৰ সামগ্ৰিক জি ডি পিৰ বৃদ্ধিৰ হাৰৰ ক্ষেত্ৰত ইউ পি এ চৰকাৰক অতিক্ৰম কৰাত ব্যৰ্থ হৈছে । যোৱা ১০ বছৰত মধ্যবিত্ত আৰু দৰিদ্ৰ লোকসকলৰ ক্ৰয় ক্ষমতা হ্ৰাস পোৱাৰ লগতে কৃষি, নিৰ্মাণ আৰু সেৱা খণ্ডত সংস্থাপনো উদ্বেগজনকভাৱে হ্ৰাস পোৱাৰ সবিশেষ তথ্য সংবাদমেলত দাঙি ধৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ।

একেদৰে মোদীৰ ১০ বছৰীয়া শাসনকালত কিদৰে অতি ধনী লোকসকল আৰু অধিক ধনী হৈ পৰাৰ বিপৰীতে দৰিদ্ৰ লোকসকল আৰু দৰিদ্ৰ হৈ পৰিছে, নিবনুৱাৰ হাৰ বৃদ্ধি পাইছে, বিনিয়োগ হ্ৰাস হৈছে, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ ধ্বংসপ্ৰাপ্ত হৈ পৰিছে, ঋণৰ বোজা বৃদ্ধি পাইছে, শিক্ষাৰ বাজেট হ্ৰাস কৰা হৈছে আৰু এটাৰ পিচত এটাকৈ জুমলাৰে দেশবাসীক জুৰুলা কৰি তোলা হৈছে সেই বিষয়েও উল্লেখ কৰে । চমক সৃষ্টি কৰি দেশ চলাব নোৱাৰি বুলিও আজিৰ সংবাদমেলত তেওঁ উল্লেখ ।

তেওঁ কয় যে দেশৰ জনসাধাৰণে যাতে প্ৰকৃত সমস্যাসমূহৰ কথা গম পাব নোৱাৰে তাৰ বাবে মোদী চৰকাৰে চমক সৃষ্টি কৰি আহিছে । ২০১৪ৰ পূৰ্বে ইউ পি এ চৰকাৰৰ দিনত মূল্যবৃদ্ধিক লৈ তাল-ফাল লগাই শাসনলৈ আহিলে মূল্যবৃদ্ধি ৰোধ কৰাৰ কথা কোৱা বিজেপি আৰু মোদীৰ দিনত এতিয়া ৪০০ টকীয়া ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম কিয় ১২০০ টকীয়া হৈ পৰিছে বুলিও তেওঁ প্ৰশ্ন কৰে ।

আনহাতে ইউপিএ চৰকাৰৰ দিনত থকা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ সংখ্যা ৩৩.২৮ লাখৰ পৰা হ্ৰাস হৈ এতিয়া কিয় মাত্ৰ ৩১ লাখ হৈ পৰিছে বুলিও বিজেপি আৰু মোদী চৰকাৰক প্ৰশ্ন কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে । কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ সংখ্যা হ্ৰাস কৰিবৰ বাবেই প্ৰতিবছৰে ২ কোটি লোকক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল নেকি বুলিও তেওঁ কটাক্ষ কৰে ।

সংবাদমেলত কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কৃষকসকলে পুনৰ আৰম্ভ কৰা আন্দোলনৰ প্ৰসংগও উল্লেখ কৰে । যিখন চৰকাৰে ভাৰতৰ সেউজ বিপ্লৱৰ জনক এছ স্বামীনাথনক ভাৰতৰত্ন প্ৰদান কৰিছে সেই একেখন চৰকাৰে স্বামীনাথন আয়োগৰ প্ৰতিবেদন অনুযায়ী কৃষকসকলে বিচাৰি থকা ন্যুনতম সমৰ্থন মূল্যক লৈ কৃষকক প্ৰতাৰণা কৰাৰ সমান দুৰ্ভাগ্যজনক কথা আন একো হ’ব নোৱাৰে বুলিও মন্তব্য কৰে ।

ভাৰত ৰত্নৰে সন্মানিত কৰা স্বামীনাথনৰ অৰ্থনীতিবিদ কন্যাই কৃষকসকলৰ হৈ আগবঢ়োৱা পৰামৰ্শ চৰকাৰে মানিলেহে ভাৰত ৰত্ন প্ৰদান অৰ্থৱহ হৈ পৰিব বুলিও সংবাদমেলত তেওঁ উল্লেখ কৰে । সংবাদমেলত তেওঁ অসমৰ মুখ্যমন্ত্ৰীকো আক্ৰমণৰ লক্ষ্য কৰি লয় । সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ উপাধ্যক্ষ বেদব্ৰত বৰা আৰু ছ’চিয়েল মিডিয়া বিভাগৰ অধ্যক্ষ ৰাতুল কলিতা উপস্থিত আছিল ।

লগতে পঢ়ক:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.