অসম

assam

শতাব্দী প্ৰাচীন বৰপেটা দৌল মহোৎসৱৰ ইতিহাস - HOLI AT BARPETA SATRA

By ETV Bharat Assamese Team

Published : Mar 26, 2024, 4:46 PM IST

HOLI CELEBRATION AT BARPETA SATRA: প্ৰতি বছৰৰ দৰে এইবাৰো সত্ৰনগৰী বৰপেটাত দেখিবলৈ পোৱা গ’ল হোলীৰ আনন্দ ৷ লোকে-লোকাৰণ্য হৈ পৰে বৰপেটা সত্ৰৰ বাকৰি ৷ তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপিত হয় দ্বিতীয় বৈকুন্ঠপুৰী, ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ ৷ চাওক বৰপেটা সত্ৰত কেনেদৰে উদযাপিত হ’ল দৌল মহোৎসৱ-
প্ৰতি বছৰৰ দৰে এইবাৰো সত্ৰনগৰী বৰপেটাত দেখিবলৈ পোৱা গ’ল হোলীৰ আনন্দ ৷
বৰপেটাৰ স্থানীয় ভাষাত ফাকুৱা উৎসৱক দেউল বোলা হয় ।
দেউল উৎসৱৰ এমাহমানৰ আগৰে পৰা ইয়াৰ প্ৰস্তুতি আৰম্ভ হয় ।
দৌল মহোৎসৱ উপলক্ষে পুৱাৰে পৰা উখল-মাখল পৰিবেশে বিৰাজ কৰে সত্ৰনগৰী বৰপেটাত ৷
বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে ভিৰ কৰেহি বৰপেটা সত্ৰৰ বাকৰীত ৷
এই সময়ছোৱাত বৰপেটাৰ ৰাজপথত সৃষ্টি হয় এক অনন্য মন প্ৰাণ উতলা কৰি তোলা পৰিৱেশৰ ৷
কোৱা হয় যে, বৰদোৱা সত্ৰৰ দৌল মহোৎসৱৰ আৰ্হিতে ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ আদি সত্ৰাধিকাৰ মথুৰাদাস বুঢ়া আতাই বৰপেটা সত্ৰত পাতনি মেলিছিল শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱৰ ।
অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৈকুণ্ঠৰ আৰ্হিত বৰদোৱাত দৌল মহোৎসৱ পাতিছিল ৷
বৰদোৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দৌলোৎসৱৰ সূচনা কৰিছিল যদিও বৰপেটা ধামত ১৫১৮ শকত বৰপেটা সত্ৰৰ মথুৰা দাস বুঢ়া আতাই প্ৰথমবাৰৰ বাবে ইয়াক প্ৰচলন কৰে ।
তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপিত হয় দ্বিতীয় বৈকুন্ঠপুৰী, ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ ৷
বৰপেটা সত্ৰত দৌল মহোৎসৱত প্ৰথম দিনা গোন্ধ সভা বা বহ্নুৎসৱ, দ্বিতীয় দিনা ভৰদৌল আৰু তৃতীয় দিনা ফাকুৱা তথা সুঁৱেৰী উৎসৱ উদযাপন কৰা হয় ৷
বহ্নুৎসৱৰ দিনাখন সত্ৰৰ মনিকূট গৃহত থকা দৌল গোবিন্দ মহাপ্ৰভূ আৰু কলীয়া ঠাকুৰ গোসাঁইক বাহিৰলৈ উলিয়াই অনা হয় ৷
দুয়োজনা গোসাঁইক পূব দুৱাৰ আৰু ঘাই দুৱাৰেৰে সত্ৰৰ মঠৰ চোতাললৈ উলিয়াই আনি বৰ শৰাইত ৰাখি মহাস্নান পৰ্ব সম্পন্ন কৰা হয় ৷
দৌল গোবিন্দ মহাপ্ৰভূ আৰু কলীয়া ঠাকুৰ গোসাঁইৰ মহাস্নান সম্পন্ন হোৱাৰ পাছত সন্ধিয়া দুয়োজনা গোসাঁইক সত্ৰৰ টুপৰ চোতালত ভক্তসকলে বিৰিয়া, ইকৰা আদিৰে সজা মেজি পুওৱা হয়।
ইয়াৰ পিচত গণনাৰ সময় অনুসৰি দৌলগৃহৰ চাৰিও পিনে সাতপাক ঘূৰাই দৌল গোবিন্দ মহাপ্ৰভূ আৰু কলীয়া ঠাকুৰ গোসাঁইক দৌলগৃহত আৰোহন কৰা হয় ৷
সত্ৰৰ কীৰ্তন ঘৰত নিত্য - নৈমিত্তিক প্ৰসংগ চলাৰ পিছত যোগমোহন গৃহত আইসকলৰ প্ৰসংগ ,ভকতৰ প্ৰসংগ ,গায়ন বায়নৰ খোল বাদন কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷
দৌলমহোৎসৱৰ অন্তিম দিনাখন ফাকুৱা অৰ্থাৎ সুঁৱেৰী ৷
সুঁৱেৰী দিনাখন ৰঙে ৰঙে একাকাৰ হৈ পৰে সত্ৰনগৰী বৰপেটা ৷
ইফালে, গোঁসাই মনিকূটত প্ৰৱেশৰ লগে লগে সামৰণি পৰে সত্ৰনগৰী বৰপেটাৰ বিখ্যাত দৌল মহোৎসৱৰ ৷
ধৰ্মীয় আচাৰ, ভক্তিৰস আৰু সমন্বয়ৰ উৎসৱ হিচাপে বৰপেটাৰ দেউল উৎসৱ চিহ্নিত হৈ আহিছে ।

ABOUT THE AUTHOR

...view details