অসম

assam

পবিত্ৰ ইষ্টাৰৰ দিনাই ট্ৰেন্সজেণ্ডাৰ ডে অফ ভিজিবিলিটি, বাইডেনক সমালোচনা ট্ৰাম্প প্ৰশাসনৰ - Transgender Day of Visibility

By ETV Bharat Assamese Team

Published : Mar 31, 2024, 1:17 PM IST

Transgender Day of Visibility : বিশ্বজুৰি দেওবাৰে পবিত্ৰ ইষ্টাৰ পালন কৰা হৈছে । একেদিনাই আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনে দেশত ট্ৰেন্সজেণ্ডাৰ ডে অফ ভিজিবিলিটি উদযাপনৰ ঘোষণা কৰিছে । যাক লৈ ৰাষ্ট্ৰপতি আৰু প্ৰশাসন সমালোচনাৰ সন্মুখীন হৈছে ।

Transgender Day of Visibility
পৱিত্ৰ ইষ্টাৰৰ দিনাই ট্ৰেন্সজেণ্ডাৰ ডে অফ ভিজিবিলিটি

ইণ্টাৰনেশ্যনেল ডেস্ক, ৩১ মাৰ্চ :সমগ্ৰ বিশ্বৰ খ্ৰীষ্টানধৰ্মী লোকসকলে ৩১ মাৰ্চ অৰ্থাৎ দেওবাৰে পবিত্ৰ ইষ্টাৰ পালন কৰিছে । একেদিনাই আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনে ঘোষণা কৰা মতে ট্ৰেন্সজেণ্ডাৰ ডে অফ ভিজিবিলিটি উদযাপন কৰা হৈছে । যাক লৈ বাইডেন তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে । ৰাষ্ট্ৰপতি জ' বাইডেন প্ৰাক্তন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ শিবিৰ আৰু একাংশ ধৰ্মীয় গুৰুৰ সমালোচনাৰ সন্মুখীন হৈছে ।

ৰাষ্ট্ৰপতিগৰাকীয়ে শুকুৰবাৰে ট্ৰেন্সজেণ্ডাৰ ডে অফ ভিজিবিলিটি উদযাপনৰ ঘোষণাটো জাৰি কৰি সকলো আমেৰিকানক সমগ্ৰ ৰাষ্ট্ৰত ট্ৰেন্সজেণ্ডাৰ লোকসকলৰ জীৱন আৰু কণ্ঠস্বৰ বজাই ৰাখিবলৈ আৰু লিংগ পৰিচয়ৰ ওপৰত আধাৰিত হিংসা আৰু বৈষম্য দূৰ কৰাৰ দিশত কাম কৰিবলৈ আহ্বান জনাইছিল । কিন্তু একেদিনাই খ্ৰীষ্টান ধৰ্মৰ আটাইতকৈ পবিত্ৰ দিৱস ইষ্টাৰ । যাৰ বাবে ট্ৰাম্পৰ শিবিৰে বাইডেনক ৰোমান কেথলিক হিচাপে ধৰ্মৰ প্ৰতি অসংবেদনশীল বুলি অভিযোগ কৰিছে ।

ট্ৰাম্প কেম্পেইনৰ প্ৰেছ সচিব কাৰোলিন লিয়াভিটে এই সন্দৰ্ভত কয় যে তেওঁলোকে বাইডেন প্ৰশাসন আৰু হোৱাইট হাউচক সমগ্ৰ আমেৰিকাৰ লাখ লাখ কেথলিক আৰু খ্ৰীষ্টানৰ ওচৰত ক্ষমা বিচাৰিবলৈ আহ্বান জনাইছে । তেওঁ ইয়াক বাইডেন প্ৰশাসনৰ খ্ৰীষ্টান বিশ্বাসৰ ওপৰত বহু বছৰ ধৰি কৰা আক্ৰমণ বুলি অভিহিত কৰিছে ।

হাউচ স্পীকাৰ মাইক জনছন আৰ-লায়ে সামাজিক মাধ্যমত কয় যে বাইডেনৰ হোৱাইট হাউচে ইষ্টাৰৰ কেন্দ্ৰীয় ধাৰণাক বিশ্বাসঘাতকতা কৰিছে আৰু প্ৰশাসনৰ এই সিদ্ধান্তটোক অপমানজনক আৰু ঘৃণনীয় বুলি অভিহিত কৰিছে । একেদৰে একাংশ ধৰ্মগুৰুৱেও প্ৰশাসনৰ এই সিদ্ধান্তক সমালোচনা কৰিছে । পবিত্ৰ ইষ্টাৰৰ দিনটোতে প্ৰশাসনে ট্ৰেন্সজেণ্ডাৰ ডে অফ ভিজিবিলিটি উদযাপনৰ ঘোষণা কৰাৰ বাবে প্ৰশাসনক সমালোচনা কৰিছে ।

লগতে পঢ়ক :আমেৰিকাই পুনৰ ইজৰাইলক বিক্ৰী কৰিব বোমা আৰু যুঁজাৰু বিমান - Israel Hamas War

ABOUT THE AUTHOR

...view details