অসম

assam

হামাছ-ইজৰাইলৰ যুদ্ধ অন্তৰ্ভুক্ত হ’ল পাঠ্যক্ৰমত

By PTI

Published : Feb 26, 2024, 10:31 AM IST

Israel Hamas conflict in lessons: বিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে হামাছ যুদ্ধ সন্দৰ্ভত অধ্যায় ৷ ইজৰাইল-হামাছৰ সংঘাত বুজিবলৈ শিক্ষাৰ্থীৰ বাবে ছিংগাপুৰৰ বিদ্যালয়সমূহত অন্তৰ্ভুক্ত কৰা হৈছে এই পাঠ্যক্ৰমৰ ৷ ইতিহাসৰ শিক্ষা বা কোনো পক্ষক দোষাৰোপ কৰা ইয়াৰ উদ্দেশ্য নহয় বুলি শিক্ষামন্ত্ৰী চান চুন চিঙে স্পষ্ট কৰি দিয়ে ।

Russia-Ukraine conflict
Russia-Ukraine conflict

ইণ্টাৰনেশ্যনেল ডেস্ক, 26 ফেব্ৰুৱাৰী:ছিংগাপুৰৰ বিদ্যালয়সমূহে ইজৰাইল-হামাছৰ সংঘাত বুজিবলৈ ছাত্ৰ-ছাত্ৰীসকলক পাঠদানৰ ব্যৱস্থা কৰিছে ৷ বহুৰ্জাতিক ছিংগাপুৰৰ বিদ্যালয়সমূহত পৰিচালিত চৰিত্ৰ আৰু নাগৰিকত্ব শিক্ষা (চিচিই) পাঠদানত ছাত্ৰ-ছাত্ৰীসকলক ইজৰাইল-হামাছ সংঘাতৰ পাঠদান কৰা হৈছে ।

এই পাঠসমূহৰ লক্ষ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলক বিষয়টো সন্দৰ্ভত তেওঁলোকৰ আৱেগ আৰু তথ্য প্ৰক্ৰিয়াকৰণ কৰাত সহায় কৰা ৷ ইয়াৰ উদ্দেশ্য ইতিহাসৰ শিক্ষা দিয়া বা দোষাৰোপ কৰা নহয় বুলি শিক্ষামন্ত্ৰী চান চুন চিঙে স্পষ্ট কৰি দিয়ে । একাংশ অভিভাৱকৰ উদ্বেগৰ প্ৰতি সঁহাৰি জনায় ছিংগাপুৰৰ সমাজ তন্ত্ৰ আৰু বিষয়টোৰ ওপৰত একাধিক তথ্যৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে জটিল বিষয়টো বুজিবলৈ সহায়ক হোৱাকৈ অকপট আলোচনা কৰাটো অধিক জৰুৰী আছিল বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে কয় ৷

একাংশ অভিভাৱকে পাঠৰ বিষয়বস্তু আৰু তেওঁলোকৰ সন্তানক এই সংঘাতৰ বিষয়ে কেনেকৈ শিকোৱা হৈছিল সেই বিষয়ে অসন্তুষ্টি প্ৰকাশ কৰি ছ’চিয়েল মিডিয়াত পোষ্ট দিছিল ৷ অন্যান্য সমালোচনাৰ লগতে শিক্ষা মন্ত্ৰণালয়ে (এম অ’ ই) পক্ষপাতিত্ব কৰাৰ অভিযোগ উত্থাপন কৰিছিল ।

দেওবাৰে স্থানীয় সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত চানে কয়, "এনে জটিল বিষয়ৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ বিষয়ে এম অ’ ইয়ে আগতেই অনুমান কৰিছিল । এই বিষয়টোৱেই হওক বা ৰাছিয়া-ইউক্ৰেইনৰ সংঘাতেই হওক, যেতিয়াই চিচিইৰ কথা আহে, আমি সম্পূৰ্ণৰূপে আশা কৰো যে এনে কিছুমান বিষয় আহিব যিয়ে বিভিন্ন লোকৰ পৰা বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব ।"

চানে উল্লেখ কৰে যে পাঠসমূহ ইতিহাসৰ পাঠ বুলি কোৱা হোৱা নাই আৰু ই কোনো এটা পক্ষক দোষ দিয়াৰ কচৰতো নহয় । আচলতে, চিচিই পাঠত চাৰিটা দিশলৈ লক্ষ্য ৰাখি সাধাৰণতে সমসাময়িক বিষয় আৰু বিশ্বব্যাপী পৰিঘটনাৰ এটা পৰিসৰৰ আলোচনা অন্তৰ্ভুক্ত কৰা হয় । প্ৰথমতে, ছাত্ৰ-ছাত্ৰীসকলক নিজৰ আৱেগ বুজিবলৈ আৰু আনৰ প্ৰতি সহানুভূতিশীল হ’বলৈ সহায় কৰা; দ্বিতীয়তে, বহুজাতিক সমাজত সংহতি আৰু সমন্বয় কেনেকৈ সুৰক্ষিত কৰিব পাৰি সেই বিষয়ে চিন্তা কৰা; তৃতীয়তে, তথ্যৰ উৎসসমূহ দায়িত্বশীলভাৱে ভাগ-বতৰা কৰাৰ আগতে পৰীক্ষা কৰিবলৈ শিকা; আৰু চতুৰ্থতে, মতামতৰ বৈচিত্ৰ্যৰ শলাগ লোৱা আৰু সংবেদনশীল আৰু সন্মানজনকভাৱে আলোচনা আগবঢ়োৱা ।

ইতিমধ্যে ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণতে ছিংগাপুৰৰ লোকসকল অনলাইনত প্ৰচাৰিত হোৱা অসত্য তথ্য, ছবি আৰু ভুল তথ্যৰ দ্বাৰা প্ৰভাৱিত হৈছে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷ যাৰ ফলত বহু সময়ত যুৱক-যুৱতীসকলৰ মাজতো উত্তপ্ত পৰিস্থিতিৰো সৃষ্টি হোৱা পৰিলক্ষিত হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উদ্বেগ প্ৰকাশ কৰে ৷ দেশখনৰ নৱ প্ৰজন্মৰ মাজত ঘৃণা আৰু অনাস্থাৰ বীজ যাতে ৰোপণ নহয় তাৰ বাবে সকলোকে সজাগ হৈ থাকিবলৈ অনুৰোধ জনায় শিক্ষামন্ত্ৰী চান চুন চিঙে ৷

লগতে পঢ়ক:ইজৰাইলী বিমান আক্ৰমণত গাজা ষ্ট্ৰিপত নিহত ৪৫ পেলেষ্টাইনী

ABOUT THE AUTHOR

...view details