অসম

assam

ক’লৈ ফুৰিব গৈ দুৰ্যোগৰ পৰা কথমপি ৰক্ষা পৰিল এছ এছ ৰাজামৌলি ? - SS Rajamouli Survives Earthquake

By ETV Bharat Assamese Team

Published : Mar 21, 2024, 1:11 PM IST

SS Rajamouli In Japan: আৰ আৰ আৰৰ বিশেষ প্ৰদৰ্শনীৰ বাবে পুত্ৰৰ সৈতে জাপানলৈ গৈছে এছ এছ ৰাজামৌলি । কিন্তু জাপানত শেহতীয়াকৈ হোৱা ভূমিকম্পৰ পৰা কথমপি ৰক্ষা পৰে পিতা-পুত্ৰ ৷

SS Rajamouli Survives Japan Earthquake Son Says They Were on 28th Floor Ground Started to Move
ভূমিকম্পৰ পৰা ৰক্ষা পৰিল এছ এছ ৰাজামৌলি

চিটাৰা ডেস্ক, ২১ মাৰ্চ: বাহুবলী’ আৰু ‘আৰ আৰ আৰ’ৰ দৰে ছুপাৰহিট ছবিৰ পৰিচালক এছ এছ ৰাজামৌলী আৰু তেওঁৰ পুত্ৰ এছ এছ কাৰ্তিকেয় বৰ্তমান জাপানত আছে । ২১ মাৰ্চ অৰ্থাৎ বৃহস্পতিবাৰে জাপানত এক প্ৰবল ভূমিকম্পই জোকাৰি যায় । এই সময়চোৱাত পিতা-পুত্ৰ তাতেই আছিল যদিও সৌভাগ্যক্ৰমে ৰক্ষা পৰিল । জাপানৰ ভূমিকম্পৰ ৰিখটাৰ স্কেল আছিল ৫.৩ প্ৰাবল্য । ছ’চিয়েল মিডিয়াত এখন ছবি শ্বেয়াৰ কৰি এছ এছ ৰাজামৌলিৰ পুত্ৰ এছ এছ কাৰ্তিকেয়াই এই ঘটনাৰ সময়ত তেওঁৰ অভিজ্ঞতা শ্বেয়াৰ কৰিছে ৷ তেওঁ কয় যে ই বহুত ভয়ানক আছিল ।

এছ এছ কাৰ্তিকেয়ই কি ক’লে ?

এছ এছ ৰাজামৌলিৰ পুত্ৰ এছ এছ কাৰ্তিকেয়ই তেওঁৰ স্মাৰ্ট ঘড়ীত অহা এলাৰ্টৰ ছবি শ্বেয়াৰ কৰিছে । এই এলাৰ্ট মেছেজ অহাৰ কিছু সময়ৰ পিচতে ভূমিকম্পই জোঁকাৰি যায় জাপানক । এই সময়ত তেওঁ আছিল এটা অট্টালিকাৰ ২৮ নং মহলাত । তেওঁ পোষ্টটোত কয় যে তেওঁ মাটি কঁপি থকা অনুভৱ কৰি ভয় খাইছিল, কিন্তু তাত উপস্থিত জাপানী লোকে একেবাৰে আতংকিত নহৈ থিয় হৈছিল ।

জাপানৰ ভূমিকম্পৰ পিচত টুইট কৰি নিজৰ অভিজ্ঞতা শ্বেয়াৰ কৰে এছ এছ ৰাজামৌলিৰ পুত্ৰ এছ এছ কাৰ্তিকেয়ই । তেওঁ এক্স-পোষ্টত লিখিছে, ‘‘মাত্ৰ জাপানত ভয়ংকৰ ভূমিকম্প অনুভৱ কৰিলোঁ ! ২৮ নং মহলাত আছিলো আৰু লাহে লাহে কঁপিবলৈ ধৰিলে আৰু আমি বুজিবলৈ কিছু সময় লাগিল যে এয়া ভূমিকম্প । মই মাত্ৰ আতংকিত হ’বলৈ ধৰিছিলো, কিন্তু ওচৰত থকা জাপানী সকলে একেবাৰে লৰচৰ কৰা নাছিল !’’

উল্লেখ্য যে, জাপানত অনুষ্ঠিত হৈ থকা প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিবলৈ এছ এছ ৰাজামৌলি পৰিয়াল আৰু আৰ আৰ আৰৰ দলৰ সৈতে আহিছিল । বহু দিন ধৰি তেওঁ জাপানত সময় কটাইছে । দৰাচলতে এছ এছ ৰাজামৌলিৰ ‘আৰ আৰ আৰ’ জাপানৰ ছবিগৃহত একেৰাহে ৫১৩ দিন ধৰি চলি আছে । ছবিখনক লৈ ৰাইজৰ মাজত যথেষ্ট উৎসাহৰ সৃষ্টি হৈছে । শেহতীয়াকৈ এছ এছ ৰাজামৌলিয়ে জাপানৰ পৰা ছবি শ্বেয়াৰ কৰিছিল য’ত তেওঁক মানুহে ঘেৰি ধৰিছিল । এই সময়চোৱাত তেওঁৰ এজন অনুৰাগীয়ে তেওঁক এহাজাৰ অৰিগামি ক্ৰেন উপহাৰ দিছিল । জাপানত ইয়াক সৌভাগ্যৰ বাবে উপহাৰ দিয়া হয় ।

লগতে পঢ়ক:চিকিৎসালয়ত সদগুৰুক দেখি আৱেগিক হৈ পৰিল কংগনা ৰনৌত - Sadhguru

ABOUT THE AUTHOR

...view details