অসম

assam

ডংৰিত হোৱা বিপুল জনসমাগমৰ বাবেই বিপদত পৰিব পাৰে মুনাৱাৰ ফাৰুকী !

By ETV Bharat Assamese Team

Published : Jan 31, 2024, 10:27 AM IST

Bigg Boss 17 Winner Munawar Faruqui: বিগ বছ ১৭ ষ্টেণ্ড আপ কমেডিয়ান মুনাৱাৰ ফাৰুকীৰ বিতৰ্কৰ সৈতে গভীৰ সম্পৰ্ক আছে । কিবা নহয় কিবা কাৰণত প্ৰায়ে বাতৰিৰ শিৰোনামত থাকে মুনাৱাৰ ৷ বিগ বছ ১৭ৰ ট্ৰফী লাভ কৰি মুম্বাইৰ ডংৰিত উপস্থিত হোৱাৰ সময়ত ড্ৰ’ন কেমেৰাৰে তেওঁৰ উদযাপনৰ দৃশ্যগ্ৰহণ কৰা হৈছিল । এতিয়া শেহতীয়াকৈ ডংৰি আৰক্ষীয়ে ড্ৰ’ন অপাৰেটৰৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰিছে ।

FIR Against Drone Operator During Munawar Faruqui's Victory Celebration In Dongri
বিপুল জনসমাগমৰ বাবেই বিপদত পৰিব পাৰে মুনাৱাৰ ফাৰুকী

চিটাৰা ডেস্ক, ৩১ জানুৱাৰী: বিগ বছ ১৭ ৰ বিজয়ী মুনাৱাৰ ফাৰুকীয়ে শ্ব’টোৰ গোটেই ছিজনত কিবা নহয় কিবা কাৰণত বাতৰিৰ শিৰোনাম দখল কৰিছিল । কেতিয়াবা যদি ছলমান খানৰ শ্ব’ত তেওঁৰ কাব্যিক শৈলীৰ বাবে লাইমলাইটলৈ আহিছিল, আকৌ কেতিয়াবা ডাবল ডেটিং আৰু প্ৰাক্তন প্ৰেমিকা নাজিলা সীতাশী আৰু আয়েশা খানক প্ৰতাৰণা কৰাৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছিল । মুঠৰ ওপৰত বিতৰ্কৰ যেন অন্য এটা নাম হৈ পৰিছিল মুনাৱাৰ ৷ অৱশ্যে এতিয়া বিজয়ী হৈ শ্ব’টোৰ পৰা ওলাই আহিছে মুনাৱাৰ ৷ কিন্তু যেন বাহিৰতো বিতৰ্কই লগ এৰা নাই মুনাৱাৰৰ ৷ আকৌ বিৰ্তকৰ আৱৰ্তত সোমাই পৰিছে মুনাৱাৰ ৷ সবিশেষ জানিবলৈ পঢ়ক এই সম্পূৰ্ণ প্ৰতিবেদন ৷

উল্লেখ্য যে, মুনাৱাৰ ফাৰুকীয়ে বিগ বছৰ ১৭ ছিজনৰ ট্ৰফী লাভ কৰিছে । ট্ৰফী লাভ কৰি ট্ৰফীৰ সৈতে ডংৰিলৈ যায় মুনাৱাৰ আৰু তাত মুনাৱাৰক লগ পাবলৈ ভিৰ কৰেহি হাজাৰ হাজাৰ অনুৰাগীয়ে ৷ মুনাৱাৰ ফাৰুকীয়ে ‘ডংৰি’ত এণ্ট্ৰি লোৱাৰ লগে লগে জনসমাগমৰ বাবে ৰাজপথ জাম হৈ পৰে । এই মুহূৰ্তটো ড্ৰোন কেমেৰাৰ সহায়ত বন্দী কৰা হৈছিল । অৱশ্যে এতিয়া এই কাৰ্যৰ বাবেই মুনাৱাৰ ফাৰুকী বিপদত পৰিব পাৰে, কিয়নো ড্ৰ’ন অপাৰেটৰৰ বিৰুদ্ধে মুম্বাই আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে ।

ইয়াৰ বাবে বিপদত পৰিব নেকি মুনাৱাৰ ফাৰুকী ?

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, মুনাৱাৰ ফাৰুকীৰ বিজয় উদযাপনৰ সময়ত ড্ৰ’ন কেমেৰা চলোৱা ২৬ বছৰীয়া ইউছুফ খানৰ বিৰুদ্ধে ডংৰি আৰক্ষীয়ে এফআইআৰ ৰুজু কৰিছে । খবৰ অনুসৰি ড্ৰ’ন চলোৱাৰ অনুমতি নোলোৱা আৰু নিৰ্দেশ উলংঘা কৰাৰ অভিযোগত মুম্বাই আৰক্ষী আয়ুক্তই ইউছুফৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ।

বিয়লি প্ৰায় ৪.৩০ বজাত পি এছ আই টাউছিফ মুল্লাৰ সৈতে ‘চৰ নাল’ত টহল দি থকাৰ সময়তে কনিষ্টবল নীতিন শ্বিণ্ডেই মুনাৱাৰ ফাৰুকীৰ বিগ বছ ১৭ ট্ৰফী জয়ৰ উদযাপনত বিপুল জনসমাগম লক্ষ্য কৰে আৰু অনুমতি নোহোৱাকৈ ড্ৰ’ন কেমেৰা ব্যৱহাৰ কৰা দেখা পায় ৷ ইয়াৰ পিচতে তেওঁ তৎক্ষণাত ‘ডংৰি’ আৰক্ষী থানাক জনোৱাৰ পিচত ড্ৰ’ন অপাৰেটৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হয় ।

যদিহে মুনাৱাৰো অনুমতি অবিহনে ড্ৰ’ন কেমেৰা ব্যৱহাৰৰ সৈতে জড়িত, তেন্তে তেওঁৰ বিৰুদ্ধেও ব্যৱস্থা ল’ব পাৰে আৰক্ষীয়ে ।

আয়েশাৰ সৈতে তেওঁৰ সম্পৰ্কৰ বাবে শিৰোনাম দখল কৰিছিল

উল্লেখ্য যে, মুনাৱাৰ ফাৰুকীৰ যথেষ্ট ফেন ফ’ল’ৱাৰ আছে । ‘লকআপ’ শ্ব’ জয় কৰি যেতিয়া তেওঁ বিগ বছত অংশগ্ৰহণ কৰিছিল, তেতিয়া তেওঁ আৰম্ভণিৰে পৰাই অনুৰাগীৰ পৰা বহুত মৰম পাইছিল । কিন্তু বিগ বছ ১৭ত ৱাইল্ড কাৰ্ড এণ্ট্ৰি হিচাপে আয়েশা খান আহি মুনাৱাৰ ফাৰুকীৰ বিৰুদ্ধে প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰে ।

অৱশ্যে এয়াই প্ৰথম নহয়, বিতৰ্কৰ সৈতে পূৰ্বৰে পৰা ওতঃপ্ৰোত সম্পৰ্ক আছে মুনাৱাৰৰ ৷ লকআপ শ্ব’ আৰু বিগ বছত যোৱাৰ পূৰ্বেও বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছিল মুনাৱাৰ ৷ তেওঁ ভগৱান ৰাম আৰু মা সীতাৰ ওপৰত বিতৰ্কিত মন্তব্য কৰি, জেললৈ যাবলগীয়া হৈছিল ।

লগতে পঢ়ক:মুনাৱাৰ ফাৰুকীৰ জয়ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰাক্তন প্ৰেমিকা আয়েশা খানৰ

ABOUT THE AUTHOR

...view details