ETV Bharat / entertainment

মুনাৱাৰ ফাৰুকীৰ জয়ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰাক্তন প্ৰেমিকা আয়েশা খানৰ

author img

By ETV Bharat Assamese Team

Published : Jan 29, 2024, 12:52 PM IST

Bigg boss 17: আয়েশা খানে বিগ বছত মুনাৱাৰৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন কৰিছিল । এতিয়া মুনাৱাৰ শ্ব’টোৰ বিজয়ী ঘোষিত হোৱাৰ পিচত পোহৰলৈ আহিছে আয়েশাৰ প্ৰতিক্ৰিয়া ।

Munawar faruquis Ex Girlfriend Ayesha Khan reaction on Munawar winning the show
মুনাৱাৰ ফাৰুকীৰ জয়ক লৈ কি ক’লে আয়েশা খানে

চিটাৰা ডেস্ক, ২৯ জানুৱাৰী: বিগ বছ ১৭ৰ খিতাপ দখল কৰিলে মুনাৱাৰ ফাৰুকীয়ে । অনুৰাগীৰ মৰমে মুনাৱাৰক এই ছিজনৰ বিজয়ী কৰি তুলিছে । অৱশ্যে বিগ বছ ১৭ত মুনাৱাৰৰ যাত্ৰাত বহু উত্থান-পতন দেখা পোৱা গৈছিল । বিগ বছ ১৭ত মুনাৱাৰৰ ব্যক্তিগত জীৱনটো সম্পূৰ্ণভাৱে ৰাজহুৱা হৈ পৰিছিল আৰু ইয়াৰ বাবেই বিতৰ্কৰো সন্মুখীন হ’ব লগা হৈছিল মুনাৱাৰ ৷ আচলতে প্ৰথম সপ্তাহকেইটাত মুনাৱাৰৰ সৈতে সকলো ঠিকে ঠাকে চলি আছিল, কিন্তু সকলো তেতিয়া সলনি হৈ পৰে যেতিয়া শ্ব’টোত তেওঁৰ প্ৰাক্তন প্ৰেমিকা আয়েশা খানে ৱাইল্ড কাৰ্ড এণ্ট্ৰি হিচাপে সোমায়। আয়েশাই মুনাৱাৰৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন কৰিছিল । ইয়াৰ পিচতে মানসিকভাৱে ভাঙি পৰিছিল মুনাৱাৰ ৷ ইফালে দেওবাৰে হৈ যোৱা ফিনালেত অংশগ্ৰহণ কৰিছিল আয়েশা । এতিয়া আয়েশাই মুনাৱাৰৰ জয়ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

বিগ বছৰ গ্ৰেণ্ড ফিনালেত উপস্থিত আছিল আয়েশা খান । য’ত মুনাৱাৰ আৰু তেওঁক ইগৰাকীয়ে সিগৰাকীৰ সৈতে কথা পতা দেখা নগ’ল ৷ অংকিতা আৰু অভিষেকক সমৰ্থন কৰিবলৈ গৈছিল যদিও মুনাৱাৰৰ জয়ৰ পিচত পোহৰলৈ আহিছে আয়েশাৰ প্ৰতিক্ৰিয়া ।

আয়েশাৰ প্ৰতিক্ৰিয়া

ফাইনেলৰ পিচত আয়েশাই সংবাদ মাধ্যমৰ সৈতে মুনাৱাৰৰ জয়ৰ সন্দৰ্ভত কয়, ‘‘মই সুখী, সেয়া জনসাধাৰণৰ ভোট, যাৰ বাবে জয়ী হৈছে । সকলো তেওঁলোকৰ ওপৰতেই ।’’ অভিষেকৰ বিষয়ে আয়েশাক সোধাত তেওঁ ক’লে – মোৰ দুখ লাগিল । মই বিচাৰিছিলো অভিষেক জয়ী হওক । কিন্তু একো নাই ৷

অংকিতা লোখাণ্ডে বিজয়ীৰ দৌৰৰ পৰা বাহিৰ হোৱাত আয়েশাই কয়,‘‘ আশা কৰা নাছিলোঁ । মই অংকিতা জীক শীৰ্ষ ২ ত দেখা পাইছিলোঁ । কিন্তু ঠিক আছে, আমি নো কি কৰিব পাৰিম ৷’’

মুনাৱাৰে আয়েশাৰ লগত নকৰে পাৰ্টি

গ্ৰেণ্ড ফিনালেত শীৰ্ষ ৫ গৰাকী প্ৰতিযোগীক শ্ব’ৰ পিচত পাৰ্টিলৈ নিমন্ত্ৰণ নকৰা এগৰাকী ব্যক্তিৰ নাম লিখাৰ দায়িত্ব দিয়া হৈছিল । মুনাৱাৰে তাত আয়েশাৰ নাম লিখিছিল । লগতে মুনাৱাৰে কৈছিল- তাই কৈছিল যে তাই মোৰ মুখখন শ্ব’ৰ বাহিৰত চাব নিবিচাৰে । লগতে মইও কামনা কৰোঁ যে আমি ইগৰাকীয়ে সিগৰাকীৰ অতিথিৰ তালিকাত নাথাকিলেই ভাল হ’ব ।

লগতে পঢ়ক: বিগ বছ ১৭ৰ বিজয়ীৰ খিতাপ দখল মুনাৱাৰ ফাৰুকীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.