অসম

assam

সন্ত্ৰাসবাদী চিনাক্তকৰণৰ বাবে এন আই এই আৰম্ভ কৰিব বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী

By ETV Bharat Assamese Team

Published : Feb 2, 2024, 10:52 PM IST

Operation against Terrorists: এন আই এয়ে চাইবাৰ বিষয়াসকলক প্ৰশিক্ষণ দিব যাতে মুখ চিনাক্তকৰণৰ দ্বাৰা সন্ত্ৰাসবাদী ধৰা পেলোৱাৰ বাবে কেন্দ্ৰীয় তথ্যকোষৰ ব্যৱহাৰৰ বিষয়ে তেওঁলোক সচেতন হয় । প্ৰশিক্ষণ কাৰ্যসূচীৰ তাৰিখ আৰু স্থান অতি সোনকালে চক আউট কৰা হ’ব । ৰাজ্যিক চোৰাংচোৱা সংস্থাৰ বিষয়াসকলকো প্ৰশিক্ষণ দিয়াৰ পৰিকল্পনা চলি আছে ।

NIA
Operation against Terrorists

নিউজ ডেস্ক, 2 ফেব্ৰুৱাৰী: সন্ত্ৰাসবাদী সংগঠনসমূহৰ সৈতে মোকাবিলা কৰাৰ লক্ষ্যৰে ৰাষ্ট্ৰীয় তদন্ত সংস্থাই (এন আই এ) অন্যান্য কেন্দ্ৰীয় নিৰাপত্তা সংস্থাসমূহৰ চাইবাৰ বিষয়াসকলক প্ৰশিক্ষণ দিব ৷ যাতে তেওঁলোকক মুখ চিনাক্তকৰণৰ দ্বাৰা সন্ত্ৰাসবাদী ধৰা পেলোৱাৰ বাবে কেন্দ্ৰীয় তথ্যকোষৰ ব্যৱহাৰৰ বিষয়ে সচেতন কৰা হয় ।

নিৰাপত্তা সংস্থাটোৰ এগৰাকী জ্যেষ্ঠ বিষয়াই শুকুৰবাৰে ইটিভি ভাৰতক জনোৱা মতে, প্ৰশিক্ষণ কাৰ্যসূচীৰ সময়ত নিৰাপত্তাৰক্ষী বিষয়াসকলক ৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ তথ্য সংযোজন আৰু বিশ্লেষণ কেন্দ্ৰ (এনটিডিএফএচি)ৰ বিষয়ে অৱগত কৰা হ’ব ।

শেহতীয়াকৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আৰম্ভ কৰা এনটিডিএফএচিয়ে সন্ত্ৰাসবাদী সংগঠনসমূহৰ তথ্য, সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ সহযোগীসকলৰ সবিশেষ তথ্য, তেওঁলোকৰ কেছ হিষ্ট্ৰী, ফিংগাৰপ্ৰিণ্ট, ভিডিঅ’, ছবি আৰু ছ’চিয়েল মিডিয়া প্ৰফাইলকে ধৰি তথ্য সংকলন কৰিছে ।

বিষয়াগৰাকীয়ে কয় যে প্ৰশিক্ষণ কাৰ্যসূচীৰ তাৰিখ আৰু স্থান অতি সোনকালে চক আউট কৰা হ’ব । ৰাজ্যিক চোৰাংচোৱা বিভাগৰ বিষয়াসকলকো প্ৰশিক্ষণ দিয়াৰ পৰিকল্পনা কৰা হৈছে । চাইবাৰ নিৰাপত্তাৰ বিষয়ত কেন্দ্ৰই ব্যাপক গুৰুত্ব প্ৰদান কৰি আহিছে বুলিও বিষয়াগৰাকীয়ে লগতে কয় ।

মন কৰিবলগীয়া যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সদায় এনে এক অনন্য তথ্যকোষৰ ওপৰত গুৰুত্ব দি আহিছে যিটো বিভিন্ন সংস্থাই সঠিক সমন্বয়ৰ সৈতে ব্যৱহাৰ কৰিব পাৰে । তাৎপৰ্যপূৰ্ণভাৱে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বৃহস্পতিবাৰে লোকসভাত ঘোষণা কৰা অন্তৱৰ্তীকালীন বাজেটতো চাইবাৰ নিৰাপত্তাৰ বিষয়টোৱে বহু বেছি গুৰুত্ব লাভ কৰিছে ।

গৃহ মন্ত্ৰালয়ৰ চাইবাৰ সুৰক্ষা উপাদানৰ বাজেটতো ৭৩ শতাংশ বৃদ্ধি পঞ্জীয়ন কৰা হৈছে । চাইবাৰ অপৰাধৰ বিৰুদ্ধে যুঁজিবলৈ কেন্দ্ৰই চলিত বৰ্ষত ১৫১ কোটি টকা অনুমোদন জনাইছে । যোৱা বছৰ সংশোধিত আনুমানিক বাজেট আছিল প্ৰায় ৮৭ কোটি টকা ।

বিষয়াগৰাকীয়ে কয় যে, "ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰই চাইবাৰ অপৰাধৰ বিৰুদ্ধে যুঁজিবলৈ ন'ডেল পইণ্ট হিচাপে কাম কৰে । চাইবাৰ অপৰাধ দ্ৰুতগতিত বৃদ্ধি পোৱা আন্তঃৰাষ্ট্ৰীয় অপৰাধৰ ভিতৰত অন্যতম হোৱাৰ লগে লগে ই এক মূল খণ্ডত পৰিণত হৈছে য'ত বিভিন্ন অংশীদাৰৰ মাজত সমন্বয়ৰ প্ৰয়োজন ।"

তাৎপৰ্যপূৰ্ণভাৱে ৰাজ্যিক আৰক্ষী বাহিনী আৰু ক্ৰাইম এণ্ড ক্রিমিনেল ট্ৰেকিং নেটৱৰ্ক এণ্ড চিষ্টেম (চিচিটিএনএছ)ৰ আধুনিকীকৰণেও বাজেট আবণ্টনৰ ব্যাপক বৃদ্ধিৰ সাক্ষী হৈ পৰিছে । ২০২৩-২৪ চনত অনুমোদিত ২৬৪.১২ কোটি টকাৰ পৰা এই উপাদানৰ অধীনত অন্তৱৰ্তীকালীন বাজেটত ৫২০.৫১ কোটি টকা বৃদ্ধি পঞ্জীয়ন কৰা হৈছে ।

বিড়ম্বনাৰ কথাটো হ’ল যে অন্তৱৰ্তীকালীন বাজেটত চোৰাংচোৱা ব্যুৰোৰ (আই বি) পুঁজি ৭৩ কোটি টকাৰ ডুব যোৱা দেখা গৈছে । আই বিৰ প্ৰশাসনিক প্ৰয়োজনীয়তা পূৰণৰ বাবে কেন্দ্ৰই ৩,১৯৫ কোটি টকা অনুমোদন জনায় । যোৱা বছৰ অনুমোদিত ধনৰাশি আছিল ৩,২৬৯ কোটি টকা । আভ্যন্তৰীণ নিৰাপত্তাৰ ভাবুকি প্ৰতিহত কৰাৰ সামৰ্থ্য উন্নত কৰাৰ লক্ষ্যৰে নেশ্যনেল গ্ৰীড চোৰাংচোৱাৰ বাজেট অৱশ্যে কেইলাখ টকা বৃদ্ধি কৰা হয় ।

লগতে পঢ়ক:সূৰজকুণ্ড মেলা ২০২৪ ৰ শুভ উদ্বোধন ৰাষ্ট্ৰপতিৰ

ABOUT THE AUTHOR

...view details