অসম

assam

কবিতাৰ গ্ৰেপ্তাৰ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত; এই অভিযোগেৰে আজি তেলেংগানাত বিআৰএছৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Mar 16, 2024, 7:31 AM IST

BRS leader Kavitha arrested by ED : ইডিয়ে বিআৰএছ নেত্ৰী কবিতাক গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত শীৰ্ষ আদালতৰ কাষ চাপিব বিআৰএছ ৷ বি আৰ এছৰ কাৰ্যকৰী সভাপতি কে টি ৰমা ৰাৱৰ লগতে দলীয় কৰ্মকৰ্তাসকল ইডিৰ এই কাৰ্যত ক্ষোভিত হৈ পৰাৰ লগতে লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি এই কেন্দ্ৰীয় চৰকাৰে কবিতাক গ্ৰেপ্তাৰ কৰা বুলি অভিযোগ তুলিছে ৷

kavitha-arrest-ktr-angrily-confronts-ed-officials-brs-to-move-sc BRS announces statewide protest
বিআৰএছ নেত্ৰী কবিতাৰ গ্ৰেপ্তাৰ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত; আজি ৰাজ্যজুৰি হ’ব প্ৰতিবাদ

নেশ্যনেল ডেস্ক, 16 মাৰ্চ:তেলেংগানাৰ ভাৰত ৰাষ্ট্ৰ সমিতি (বিআৰএছ)ৰ নেত্ৰী কবিতা ৰাওৰ বাসগৃহত প্ৰৱৰ্তন সঞ্চালকালয় আৰু আয়কৰ বিভাগে যৌথ তালাচী চলোৱাৰ অন্তত কবিতাক গ্ৰেপ্তাৰ কৰা ঘটনাত জাঙুৰ খাই উঠিছে বিআৰএছৰ কৰ্মকৰ্তা । ন্যায় বিচাৰি শীৰ্ষ আদালতৰ দ্বাৰস্থ হ’ব দলটো ৷বি আৰ এছৰ কাৰ্যকৰী সভাপতি কে টি ৰমা ৰাৱে বিআৰএছ নেত্ৰী কবিতাক অবৈধভাবে গ্ৰেপ্তাৰ কৰা হৈছে বুলি উল্লেখ কৰি আইনগতভাৱে ইয়াৰ মোকাবিলা কৰা হ'ব বুলি জনায় ৷ দলীয় কৰ্মীসকলক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি নকৰিবলৈ অহ্বান জনায় ।

জানিব পৰা মতে, তেলেংগানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ পুত্ৰ কেটিআৰে তেওঁৰ ভগ্নী কবিতাক গ্ৰেপ্তাৰ কৰাৰ বাবে প্ৰৱৰ্তন সঞ্চালকালয়ৰ বিষয়াৰ সৈতে কাজিয়াত লিপ্ত হয় । কেটিআৰে ইডিৰ বিষয়াসকলক প্ৰশ্ন কৰে, "ট্ৰেনজিট ৱাৰেণ্ট অবিহনে কবিতাক কেনেকৈ গ্ৰেপ্তাৰ কৰিব পাৰি । আদালতত ইডিয়ে অসুবিধাৰ সন্মুখীন হ’ব লাগিব ।"

শুকুৰবাৰে ইডিৰ বিষয়াসকল আহিছিল বুলি কেটিআৰে জনায় । কেটিআৰৰ লগতে তেলেংগানাৰ প্ৰাক্তন মন্ত্ৰী তথা বিআৰএছৰ জ্যেষ্ঠ নেতা হৰিশ ৰাৱেও ইডিৰ বিষয়াৰ সৈতে কাজিয়াত লিপ্ত হয় ।

ইফালে প্ৰাক্তন মন্ত্ৰী প্ৰশান্ত ৰেড্ডীয়ে দাবী কৰি কয়, "কবিতাক গ্ৰেপ্তাৰ কৰা হৈছে লোকসভা নিৰ্বাচনত বি আৰ এছক ভয় খুৱাবলৈ । বিজেপি আৰু কংগ্ৰেছে গোপন বুজাবুজি কৰি কবিতাৰ বাবে বিমানৰ টিকট বুকিং কৰিছিল আৰু তাৰ পিছত ইডিৰ বিষয়াসকলে তেওঁৰ বাসগৃহত তালাচী চলাবলৈ আহিছিল । উচ্চতম ন্যায়ালয়ত বিচাৰ চলি থকাৰ সময়তে গ্ৰেপ্তাৰ কৰাটো অনুচিত ।"

বি আৰ এছৰ আইনী কোষৰ সাধাৰণ সম্পাদক ছ’মা ভাৰতে কয়, "কবিতাক কিয় গ্ৰেপ্তাৰ কৰা হৈছে সেই বিষয়ে ইডিৰ বিষয়াসকলে একো কোৱা নাই ।"

সংবাদমেলত বিআৰএছ নেত্ৰী কবিতাক গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত হৰিশ ৰাৱে কয়, "কবিতাৰ গ্ৰেপ্তাৰ অগণতান্ত্ৰিক, অবৈধ আৰু অনৈতিক । ইডিৰ বিষয়াসকলে ৰাজনৈতিক কু-অভিপ্ৰায়ৰে বি আৰ এছলৈ বোকা নিক্ষেপ কৰিবলৈ আৰু দলৰ ক্ষতি কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে ।"

হৰিশ ৰাৱে লগতে কয় যে যিহেতু কাইলৈ (লোকসভা) নিৰ্বাচনী অধিসূচনা প্ৰকাশ পাব, সেয়েহে খৰখেদাকৈ গ্ৰেপ্তাৰ কৰাটো বি আৰ এছ আৰু কে চি আৰক বদনাম কৰাৰ প্ৰয়াস । কেন্দ্ৰৰ কু-কৰ্মৰ বিৰুদ্ধে শুকুৰবাৰে তেলেংগানাত প্ৰতিবাদী কাৰ্যসূচীৰ ঘোষণা কৰিছে হৰিশ ৰাৱে । তেলেংগানা বিজেপিৰ মুৰব্বী জি কিষাণ ৰেড্ডীকে ধৰি বিজেপি নেতাসকলকো তীব্ৰ সমালোচনা কৰে ৰাৱে ।

লগতে পঢ়ক:তেলেংগানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কে চি আৰৰ কন্যা কবিতাক গ্ৰেপ্তাৰ: দিল্লীলৈ লৈ গ'ল ই ডিয়ে

ABOUT THE AUTHOR

...view details