নিউজ ডেস্ক, ২৯ ফেব্ৰুৱাৰী : বেংগালুৰু মেট্ৰ' ৰে'ল কৰ্প'ৰেচন লিমিটেড (বিএমআৰচিএল) আৰু কৰ্ণাটক চৰকাৰক জাননী জাৰি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ (এনএইচআৰচি) । শেহতীয়াকৈ লেতেৰা কাপোৰ পিন্ধা এজন কৃষকক ৰাজাজীনগৰ মেট্ৰ' ষ্টেচনত প্ৰৱেশ কৰাত বাধা আৰোপ কৰাৰ ঘটনাৰ বিষয়ে প্ৰতিবেদন দিবলৈ এই জাননী জাৰি কৰে ।
ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে মেট্ৰ' ষ্টেচনত কৃষকক প্ৰৱেশ কৰাত বাধা আৰোপ কৰা ঘটনা সন্দৰ্ভত এক স্বতঃপ্ৰণোদিত অভিযোগ পঞ্জীয়ন কৰিছে । এনএইচআৰচিয়ে এই ক্ষেত্ৰত মানৱ অধিকাৰৰ স্পষ্ট উলংঘনৰ অভিযোগৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে আৰু বিএমআৰচিএল মেনেজাৰক বিষয়টোৰ ওপৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে ।
উল্লেখ্য যে ঘটনাটো যোৱা সোমবাৰে (ফেব্ৰুৱাৰী ২৬) ৰাজাজীনগৰ মেট্ৰ' ষ্টেচনত সংঘটিত হয় । ভুক্তভোগী কৃষকজনে মেট্ৰ' ৰে'লত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল । কিন্তু সেই সময়ত ৰে'লখনৰ নিৰাপত্তাৰক্ষীয়ে লক্ষ্য কৰে যে কৃষকজনে লেতেৰা কাপোৰ পিন্ধি আছে । যাৰ বাবে তেওঁক মেট্ৰ' ৰে'লত প্ৰৱেশ কৰাত বাধা দিয়ে । এই ঘটনাটোৱে যথেষ্ট হুলস্থুলৰ সৃষ্টি কৰে । আনহাতে, ঘটনাটোক লৈ সামাজিক মাধ্যমতো যথেষ্ট চৰ্চাৰ সৃষ্টি কৰে ।