Cattle Smuggling in Assam: বাইহাটা চাৰিআলিত ২৪ টা ষাঁড় গৰু জব্দ

By

Published : Mar 23, 2022, 10:47 PM IST

Updated : Feb 3, 2023, 8:20 PM IST

thumbnail

ৰাজ্যত অব্যহত আছে গৰুৰ চোৰাং সৰবৰাহ । বাইহাটা চাৰিআলি আৰক্ষীয়ে জব্দ কৰিলে নথি-পত্ৰবিহীন ২৪ টাকৈ ষাঁড় গৰু (Cattle seized at Baihata Chariali)। দৰং জিলাৰ ধুলাৰ পৰা AS ২৫ CC ৪৮১৯ নম্বৰৰ এখন ট্ৰাকেৰে গৰুকেইটা সৰবৰাহ কৰি থকাৰ সময়তে আৰক্ষীয়ে জব্দ কৰে বাহনখন ৷ বাইহাটা আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত বেজেৰাত ট্ৰাকখনত তালাচী চলাই জব্দ কৰা গৰুকেইটা খানাপাৰালৈ নি থকা বুলি জানিব পৰা গৈছে ৷ গাড়ীখনৰ চালকৰ ভাষ্য অনুসৰি গৰুকেইটাৰ গৰাকী চিপাঝাৰৰ মহৰুম আলি । বাইহাটা আৰক্ষীয়ে আটাইকেইটা গৰুৰ স্বাস্থ্য পৰীক্ষা কৰোৱাই মান্দাকাটাত থকা গোশালালৈ প্ৰেৰণ কৰে ।

Last Updated : Feb 3, 2023, 8:20 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.