অস্ত্ৰ-শস্ত্ৰ পূজা কৰি মৰাণ আৰক্ষীয়ে পালন কৰিলে শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা

By

Published : Sep 17, 2022, 4:59 PM IST

thumbnail

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আধ্যাত্মিক পৰিৱেশৰ মাজেদি ৰাজ্যবাসীয়ে আজি অনুষ্ঠিত কৰিলে বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা (Vishwakarma Puja in Assam)। অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষীয়ে আৰক্ষী থানা চৌহদত অনুষ্ঠিত কৰিলে বিশ্বকৰ্মা পূজা । মৰাণ আৰক্ষীয়ে আৰক্ষীৰ বাহনসমূহ পূজা কৰাৰ লগতে থানাত থকা সকলো অস্ত্ৰ-শস্ত্ৰ বিশ্ব খনিকৰৰ মূৰ্তিৰ ওচৰত দি পূজা অৰ্চনা কৰে । উল্লেখ যে, মৰাণ থানাৰ আৰক্ষীয়ে প্ৰতিবছৰে এইদৰে থানাৰ অস্ত্ৰ-শস্ত্ৰসমূহ বিশ্ব খনিকৰৰ পূজাৰ দিনা পূজা অৰ্চনা কৰি নেদেখা জনৰ পৰা আৰ্শীবাদ লয় । বহু ঠাইত বিশ্ব খনিকৰৰ পূজাক লৈ আধ্যাত্মিকতাৰ লগতে উশৃংখলতাৰ পৰিৱেশ দেখা পোৱা যায় যদিও মৰাণ থানাৰ আৰক্ষী বিষয়াসকলে ৰাইজক নিৰাপত্তা দিয়াৰ মাজতে নিজৰ নিৰাপত্তাৰ বাবে থকা অস্ত্ৰ-শস্ত্ৰসমূহ এইদৰে পূজা অৰ্চনা কৰে (Vishwakarma Puja celebrated in Moran)।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.