ছমৰীয়াত অসম চৰকাৰৰ পাঠ্যপুথি ভৰ্তি দুখন ট্ৰাক জব্দ

By

Published : May 26, 2022, 2:28 PM IST

thumbnail

বকোৰ ছমৰীয়াৰ পৰা এক চাঞ্চল্যকৰ খবৰ । শিক্ষা বিভাগৰ বহু কিতাপ পেলনীয়া কাগজ হিচাপে সৰবৰাহৰ সময়ত জব্দ । দুখন কণ্টেইনাৰ বাহনেৰে বহিঃৰাজ্যলৈ সৰবৰাহৰ সময়তে জব্দ কৰা হৈছে কিতাপসমূহ । সন্দেহবশতঃ স্থানীয় ৰাইজে বাহন দুখন পৰীক্ষা কৰোতে বাহিৰ হয় এই বিষ্ফোৰক তথ্য(Textbooks of Assam government seized in Samaria) । ২০২১ বৰ্ষত ছপা কৰা হৈছিল শিক্ষা বিভাগৰ কিতাপসমূহ । প্ৰায় ৫০০ বাণ্ডিল কিতাপ বাহন দুখনত পোৱা গৈছে ৷ অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ জব্দ কৰা কিতাপৰ টোপোলাসমূহ ছয়গাঁৱৰ চৌধুৰীপামৰ ডেম্ব এটাৰ পৰা সৰবৰাহ কৰা হৈছিল । জব্দকৃত ট্ৰাক দুখনৰ নম্বৰ হৈছে HR-55 AG-0121 আৰু HR-55 W-0972 ৷

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.