ভাৰত-বাংলাদেশ সীমান্তত চোৰাং ম'হসহ দুই সৰবৰাহকাৰী আটক

By

Published : Jun 4, 2022, 2:31 PM IST

thumbnail

কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তৰ কটাৰগোলত জব্দ 5 টাকৈ ম'হ । এক গোপন সূত্ৰৰ পম খেদি পাথাৰকান্দি আৰক্ষীয়ে 5 টা মহ (Smuggled buffalo arrested in Indo Bangladesh border) আৰু দুই সৰবৰাহকাৰীক আটক কৰে (Two smugglers arrested in Indo Bangladesh border) । দীৰ্ঘদিন ধৰি ভাৰতৰ পৰা বাংলাদেশলৈ গৰু আৰু ম'হৰ চোৰাং বেহা অব্যাহত ৰাখিছিল চক্ৰটোৱে । আটক হোৱা দুই সৰবৰাহকাৰী কৰিমগঞ্জৰ সোণাতোলা গাঁৱৰ নাজিম উদ্দিন আৰু কটাৰগোলৰ আলি হুছেইন । সম্প্ৰতি অনুসন্ধান প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱালৈ কোনো মন্তব্য প্ৰকাশ কৰা নাই আৰক্ষীয়ে ৷ উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি কৰিমগঞ্জৰ বিভিন্ন গাঁৱৰ পৰা সঘনাই গৰু আৰু ম'হ চুৰিৰ ঘটনা ঘটি আহিছিল৷ অৱশ্যে এই ক্ষেত্ৰত আৰক্ষী আৰু বিএছএফে নিৰৱ ভুমিকা পালন কৰাৰ অভিযোগ উত্থাপন কৰিছিল স্থানীয় ৰাইজে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.