Road accident at Moran: গুৰুতৰভাৱে আহত পিতৃ-কন্যা

By

Published : Jun 29, 2022, 10:07 PM IST

thumbnail

বুধবাৰে মৰাণত সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা (Road accident at Moran)৷ মৰাণৰ ডোমৰদলঙত বুধবাৰে আবেলি এটা গৰুক খুন্দিয়াই দ' খাৱৈত সোমাল এখন ৱেগন আৰ বাহন । দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰিল পিতৃ-কন্যাৰ । ঘটনা অনুসৰি মৰাণৰ পৰা বামুণবাৰী অভিমুখে গৈ আছিল AS06 AF8172 নম্বৰৰ ৱেগন আৰ বাহনখন দুৰ্ঘটনাগ্ৰস্ত হয় । ঘটনাৰ পাছতে মৰাণ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ৰাইজৰ সহযোগত আহত পিতৃ-কন্যাক চিকিৎসালয়লৈ প্ৰেৰণ কৰে(Two injured in Road Accident at Moran)৷ বাহনখনৰ চালকৰ আসনত থকা মৰাণৰ সোনালী পথৰ দীপক সোণোৱাল নামৰ লোকজন গুৰুতৰভাৱে আহত হোৱাৰ বিপৰীতে লোকজনৰ কন্যা বৰ্তমান সুস্থ বুলি জানিব পৰা গৈছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.