জোনাইৰ লাইমেকুৰীত ভয়ংকৰ পথ দুৰ্ঘটনা

By

Published : Aug 30, 2022, 11:58 AM IST

thumbnail

জোনাইৰ লাইমেকুৰীস্থিত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা(Road accident in Laimekuri in Jonai) । জানিব পৰা মতে, ধেমাজি অভিমুখে গৈ থকা Yamaha R1 মটৰ চাইকেল আৰু লাইমেকুৰীৰ পৰা জোনাই অভিমুখে আহি থকা বুলেটৰ মুখা মুখামুখি সংঘৰ্ষৰ ফলতে সংঘটিত হয় এই দুৰ্ঘটনাটো । এই দুৰ্ঘটনাত মটৰ চাইকেলে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰৈ থকা দুজন কিশোৰকো মহটিয়াই লৈ যায় । দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় পাঁচজনকৈ লোক(Five seriously injured in road accident) । স্থানীয় ৰাইজৰ তৎপৰতাত দুৰ্ঘটনাত পতিত হোৱা লোককেইজনক ততাতয়াকৈ ভৰ্তি কৰোৱা হয় জোনাই অসামৰিক চিকিৎসালত । আনহাতে গুৰুতৰভাৱে আহত চন্দ্ৰকান্ত কুলি নামৰ লোকজনক ডিব্ৰুগড় AMC আৰু জ্ঞান দেউৰী নামৰ লোকজনক লখিমপুৰলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.