হোজাইত বহুকেইটা দাবীৰে ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ প্ৰতিবাদ

By

Published : Aug 17, 2022, 10:22 PM IST

thumbnail

হোজাইস্থিত ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ প্ৰতিবাদ (Rabindranath Tagore University students protest)। বিশ্ববিদ্যালয়ৰ মূল দুৱাৰ বন্ধ কৰি সাব্যস্ত কৰিলে প্ৰতিবাদ । বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ ফলাফল ঘোষণাত হোৱা খেলি-মেলি, সাধাৰণ শাখাৰ পুৱাৰ শ্বিফ্ট বাতিল কৰা, পি জি এডমিছনত মাছুল ৰেহাই, অতিশীঘ্ৰে বিশ্ববিদ্যালয়ৰ খালি পদত নিযুক্তি দিয়া আদি দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে শিক্ষাৰ্থীসকলে । লগতে বিশ্ববিদ্যালয়খনৰ বৰ্তমানৰ পঞ্জীয়কগৰাকীকো শিক্ষানুষ্ঠানখনৰ পৰা বদলি কৰাৰ দাবী উত্থাপন কৰে শিক্ষাৰ্থীসকলে (Demand for transfer of Registrar of Rabindranath Tagore University) । ছাত্ৰ একতা সভাৰ সভাপতিৰ অভিযোগ, বিশ্ববিদ্যালয় কৰ্তৃপক্ষই দেশৰ স্বাধীনতা দিৱসটিও ভালদৰে অনুষ্ঠিত নকৰিলে । ইয়াতে ক্ষান্ত নাথাকি প্ৰতিবাদী শিক্ষাৰ্থীসকলে পঞ্জীয়ক তিলক চন্দ্ৰ কলিতাৰ পুতলিকা দাহ কৰাৰ লগতে বিশ্ববিদ্যালয়ৰ প্ৰৱেশদ্বাৰত টায়াৰ জ্বলাই অতি শীঘ্ৰে তেওঁলোকৰ দাবীসমূহ পূৰণ কৰাৰ বাবে জনালে আহ্বান ।

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.