অসামাজিক কাৰ্য-কলাপৰ ঘাটিত পৰিণত কৰিমগঞ্জ

By

Published : Jan 17, 2022, 10:41 PM IST

thumbnail

ত্ৰিপুৰাৰ পৰা অসমত প্ৰৱেশ কৰাৰ মুহূৰ্তত আৰক্ষীয়ে জব্দ কৰিলে বুজন পৰিমাণ গাঞ্জা (Police seized ganja in Assam Tripura border) । কৰিমগঞ্জৰ চূড়াইবাৰীত আৰক্ষীয়ে জব্দ কৰিলে গাঞ্জাখিনি । জানিব পৰা মতে, সৰবৰাহকাৰীয়ে ত্ৰিপুৰাৰ পানীসাগৰৰ পৰা কৰিমগঞ্জলৈ লৈ যোৱাৰ কথা আছিল এই বৃহৎ পৰিমাণৰ গাঞ্জা । কিন্তু অসমত প্ৰৱেশ কৰাৰ লগে লগে কৰিমগঞ্জৰ চূড়াইবাৰী আৰক্ষীৰ ফান্দত পৰে গাঞ্জা কঢ়িওৱা NL 01 L 5202 নম্বৰৰ ট্ৰাকখন ৷ আৰক্ষী সূত্ৰই জনোৱা মতে, এই অভিযানত প্ৰায় ডেৰশ কেজি গাঞ্জা জব্দ কৰা হৈছে (Large amount of Ganja seized in Assam Tripura border) । গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় ডেৰ কোটি টকা । গাড়ীখনৰ চালক ত্ৰিপুৰাৰ লিটন মিয়াক আটক কৰি বৰ্তমানে সোধ-পোচ চলাই আছে আৰক্ষীয়ে । ইফালে অসম, মিজোৰাম, ত্ৰিপুৰা সীমান্তত জব্দ হৈছে চোৰাংভাৱে সৰবৰাহ কৰা গৰু (Illegal cattle trafficking in Assam Mizoram border) ৷ নিশা অসম-মিজোৰাম সীমান্তৰ নাগৰা আৰক্ষী নিৰীক্ষণ চকীৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি জব্দ কৰিছে ১১ টাকৈ গৰুৰ লগতে দুই সৰবৰাহকাৰীক । গৰুৰ চোৰাং সৰবৰাহৰ অভিযোগত আটক হোৱা কামাল উদ্দিন আৰু মইনুল উদ্দিন সম্পৰ্কত পিতা-পুত্ৰ বুলি জানিব পৰা গৈছে । দুয়োৰে বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৭৯/৪১১ ধাৰাত গোচৰ ৰুজু হোৱা বুলি জানিবলৈ দিছে আৰক্ষীয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.