Illegal Cattle Smuggling: কলিয়াবৰত জব্দ গৰুভৰ্তি ট্ৰাক

By

Published : Jul 22, 2022, 10:42 AM IST

thumbnail

ৰাজ্যত পশুধনৰ চোৰাং সৰবৰাহ (Cattle smuggling in Assam) অব্যাহত থকা বিষয়টো সম্প্ৰতি কোনো নতুন কথা নহয় ৷ আৰক্ষীয়ে যিমানে এই অবৈধ সৰবৰাহ বন্ধ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে, সিমানে এই ব্যৱসায়ত জড়িত অসাধু লোকসকলে প্ৰতিদিনে কৌশল সলনি কৰি আহিছে ৷ বৃহস্পতিবাৰে নিশা কলিয়াবৰত আৰক্ষীৰ এক অভিযানত পুনৰ অবৈধ গৰু সৰবৰাহৰ ঘটনা পোহৰলৈ আহিছে । নিশা হ'লেই উজনিৰ পৰা নামনিলৈ ৩৭নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে চলে গৰুৰ অবৈধ সৰবৰাহ । নিশা কলিয়াবৰ আৰক্ষীৰ অভিযানত জব্দ অবৈধভাৱে সৰবৰাহ কৰা গো-ভৰ্তি বাহন(Police seized vehicle loaded with cattle) । গোপন খবৰৰ ভিত্তিত কলিয়াবৰ আৰক্ষীয়ে পথত তালাচীৰ জৰিয়তে জব্দ কৰে গৰুভৰ্তি ট্ৰাকখন । জব্দকৃত ট্ৰাকখনৰ পৰা ৩৫টা গৰু উদ্ধাৰ কৰে কলিয়াবৰ আৰক্ষীয়ে । বোকাখাটৰ পৰা সোণাপুৰলৈ গো-ধন সৰবৰাহ কৰাৰ সময়তে কলিয়াবৰ আৰক্ষীৰ জালত পৰে গৰুভৰ্তি ট্ৰাকসহ ট্ৰাকখনৰ চালক । আৰক্ষীয়ে আটক কৰে ট্ৰাকখনৰ চালকজনক ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.