বানৰ মাজতে কমলপুৰত পথ দুৰ্ঘটনাত প্ৰান গ'ল এজনৰ, আহত দুজন

By

Published : Jun 25, 2022, 6:56 PM IST

thumbnail

বানপানীৰ মাজতে কমলপুৰৰ পুঠিমাৰীত শোকাৱহ পথ দুৰ্ঘটনা(Accident in Kamaalpur) । ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো । তিনি গৰাকী পথচাৰীক পিছফালৰ পৰা অহা AS01 BD 4135 নম্বৰৰ এখন দ্ৰুত বেগী অল্টো বাহনে বহু দূৰলৈ মহটিয়াই লৈ যায় । ফলত তৰিবন নেচা নামৰ এগৰাকী পথচাৰী থিতাতে নিহত হয়(One dead and two injured in road accident) । অন্য দুগৰাকী পথচাৰী ক্ৰমে হাফিজ দেৱান আৰু চাফিয়া নেচা গুৰুতৰ ভাৱে আহত হয় । আহত দুয়োগৰাকীৰে অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে । আহত দুয়োগৰাকী ব্যক্তিকে ততাতৈয়াকৈ স্থানীয় লোকৰ সহযোগত কমলপুৰ আৰক্ষীয়ে কমলপুৰ মডেল চিকিৎসালৈ প্ৰেৰণ কৰে । ইয়াৰ পিছতে ব্যক্তি কেইজনৰ অৱস্থা অধিক সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যায় । উল্লেখ্য যে পুঠিমাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসা কৰি নিজ গৃহ আঠাৰলৈ পথৰ দাতিৰে আহি থকা অৱস্থাতে সংঘটিত হয় এই দুৰ্ঘটনাটো ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.