নিযুক্তি কেলেংকাৰীৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ দাবী বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ

By

Published : Sep 22, 2022, 7:54 PM IST

thumbnail

অসম চৰকাৰৰ নিযুক্তি কেলেংকাৰীৰ অভিযোগৰ ন্যায়িক তদন্তৰ দাবী উত্থাপন কংগ্ৰেছ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ (MLA Kamalakhya Dey Purkayastha on recruitment scam) । বৃহস্পতিবাৰে নগাঁৱত উপস্থিত হোৱা কংগ্ৰেছৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই ৰাজ্য চৰকাৰৰ নতুন নিযুক্তিত খেলিমেলি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি অৱসৰপ্ৰাপ্ত দণ্ডাধীশৰ জৰিয়তে তদন্ত কৰিবলৈ দাবী উত্থাপন কৰে (Investigation on recruitment scam) । বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে কেবাটাও মন্তব্য কৰে কংগ্ৰেছ বিধায়ক গৰাকীয়ে (MLA Kamalakhya criticizes Assam govt) । মুখ্যমন্ত্ৰীয়েই অভিযোগ দিবলৈ আহ্বান জনাই এতিয়া অভিযোগকাৰীকেই গ্ৰেপ্তাৰ কৰা বুলিও মন্তব্য কৰে বিধায়কগৰাকীয়ে । ইয়াৰ লগতে বৃহস্পতিবাৰে দেশজুৰি PFI ৰ বিৰুদ্ধে চলা NIA ৰ অভিযান (NIA raids against PFI) সন্দৰ্ভত তেওঁ কয় যে, যদি কোনোবাই দেশ বিৰোধী কাম কৰে তেন্তে তেওঁলোকে শাস্তি পোৱাৰ যোগ্য ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.