খোৱাঙত অমৃত সৰোবৰ আঁচনিৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ বিধায়ক চক্ৰধৰ গগৈৰ

By

Published : Sep 17, 2022, 10:00 PM IST

thumbnail

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭২ সংখ্যক (PM Narendra Modi Birthday) জন্মদিন উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰাণ সমষ্টিৰ অন্তৰ্গত ডিব্ৰুগড় জিলাৰ খোৱাং উন্নয়ন খণ্ডৰ এলেকাত "অমৃত সৰোবৰ" আঁচনিৰ অধীনত নিৰ্মাণ হ'বলগীয়া সাতখন অমৃত সৰোবৰ আঁচনিৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে । এই শুভাৰম্ভণি অনুষ্ঠানত খোৱাং উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া পলাশ ৰঞ্জন হাজৰিকাৰ ওপৰিও কেইবাটাও পঞ্চায়তৰ সভাপতি- সভানেত্ৰীৰ লগতে বিষয়ববীয়াসকল উপস্থিত থাকে । ইয়াৰ ওপৰিও প্ৰধানমন্ত্ৰী আবাস যোজনা আঁচনিৰ অধীনত ৰাজ্যত নিৰ্মাণ হ'ব লগা এক লাখ গৃহ নিৰ্মাণ কাৰ্যৰ ভিতৰত খোৱাং উন্নয়ন খণ্ডৰ অধীনৰ 12 খন গাঁও পঞ্চায়তৰ 162 টা গৃহ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰে বিধায়ক চক্ৰধৰ গগৈয়ে (MLA Chakradhar Gogoi inaugurate Amrit Sarovar scheme)।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.