মঙলদৈত ছিঙা মথাউৰি পৰিদৰ্শন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ

By

Published : May 20, 2022, 6:28 PM IST

thumbnail

ৰাজ্যত প্ৰকৃতিয়ে ধাৰণ কৰিছে ৰুদ্ৰৰূপ (Flood situation become critical in Assam) ৷ বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত হোৱা বানে উটুৱাই নিছে পথ, ছিঙিছে মথাউৰি ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লেখিয়াকৈ শেহতীয়াকৈ বান আৰু ভূমিস্খলনৰ কবলত পৰিছে দৰঙৰ মঙলদৈ চহৰো (Landslide in Assam) ৷ ধাৰাষাৰ বৰষুণ আৰু খৰস্ৰোতা শাকতোলা নদীৰ বাঢ়নি পানীয়ে সোমবাৰে নিশা ভাঙি লৈ গ’ল এটা মথাউৰি ৷ ফলত জলমগ্ন হৈ পৰিছে অঞ্চলটোৰ বহু অঞ্চল (Mangaldoi effected by Saktola river floods) ৷ নদীৰ বাঢ়নি পানীয়ে মথাউৰি ছিঙাৰ খবৰ লাভ কৰাৰ পাছতেই শুকুৰবাৰে সেই স্থান পৰিদৰ্শন কৰে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে (Minister Chandra Mohan Patowary visits Saktola river embankment) ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.