টিপ্পি জলপ্ৰপাতৰ সমীপত ভয়ংকৰ ভূমিস্খলন : পানীৰ সোঁতত উটি গ’ল বাহন

By

Published : Sep 25, 2022, 5:21 PM IST

thumbnail

প্ৰকৃতিৰ ৰোষত পৰিছে অৰুণাচল ৷ বিপদে লগ এৰা নাই অৰুণাচল পাহাৰক ৷ বিগত দুদিন ধৰি অৰুণাচল পাহাৰত হৈ আছে মুষলধাৰ বৰষুণ ৷ যাৰ ফলত অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ টিপ্পি জলপ্ৰপাত অঞ্চলত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা (Landslide in Tippi waterfall area of ​​West Kameng) ৷ চৰকাৰী সূত্ৰই উল্লেখ কৰা অনুসৰি, শনিবাৰে সন্ধিয়া উক্ত স্থানত হোৱা ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত হয় কেইবাখনো বাহন ৷ যাৰ ফলত বালিপাৰা-চাৰ্ডৱেৰ-টাৱাং পথটো বৰ্তমান বন্ধ কৰি দিয়া হৈছে ৷ ইয়াৰ বিপৰীতে ওৰাং-কালকাটাং-শ্বেৰগাঁও-ৰূপা-টাৱাং পথেৰে যাতায়ত কৰিবলৈ প্ৰশাসনৰ ফালৰ পৰা জাননি জাৰি কৰা হৈছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.