হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰাৰ অধিকাৰ নাই ভূপেন বৰাৰ : জয়ন্তমল্ল বৰুৱা

By

Published : Oct 26, 2021, 8:35 PM IST

thumbnail

উপ-নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰৰ মাজতেই মঙলবাৰে ৪১ নং ভৱানীপুৰ বিধানসভা সমষ্টিৰ কঠালমূৰীঘাতত নিৰ্বাচন উপলক্ষে বিজেপিৰ যুৱ মৰ্চাৰ এক "যুৱ সমাৰোহ" অনুষ্ঠিত হয় । ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ফণীধৰ তালুকদাৰে ৰাইজক ভোট ভিক্ষা কৰা সভাত মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি কয়, "মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰাৰ বাবে ভূপেন বৰাৰ অধিকাৰ নাই । তেওঁ নিৰ্বাচনত নিজেই তিনিবাৰকৈ হাৰিছে আৰু ভৱানীপুৰত শৈলেন্দ্র নাথ দাসক কেনেকৈ জিকাব । ফণীধৰ তালুকদাৰে ৩০ হাজাৰৰো অধিক ভোটৰ ব্যৱধানত বিপুল ভোটত জয়লাভ কৰিব । ভূপেন বৰাই যদি ফণীধৰ তালুকদাৰক মাটিৰ দালাল বুলি কয়, তেওঁৰো মাটি আছিল নেকি য'ত ফণীধৰ তালুকদাৰে দালাল কৰিছিল ?’’

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.