গেৰাণ্টি নিদিওঁ,কামেৰে কৰি দেখুৱাও: হিমন্ত বিশ্ব শৰ্মা

By

Published : Mar 22, 2021, 8:31 PM IST

thumbnail

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই ৰাজ্যত বৃদ্ধি পাইছে নিৰ্বাচনী তৎপৰতা ৷ সোমবাৰে কলিয়াবৰত উপস্থিত হৈ কলিয়াবৰ বিধান সভা সমষ্টিৰ অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কেশৱ মহন্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । এক বিশাল বাইক ৰেলীত ভাগ লৈ কুঁৱৰীটোলৰ গান্ধী খেলপথাৰত এখন বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে ৷ মন্ত্ৰীগৰাকীয়ে সভাত প্ৰদান কৰি কংগ্ৰেছৰ পাঁচ গেৰাণ্টিক কটাক্ষ কৰি কয় যে, আমি গেৰাণ্টি নিদিওঁ, কামেৰে কৰি দেখুৱাওঁ । বিগত সময়ছোৱাত ৰাজ‍্যৰ লগতে কলিয়াবৰত হোৱা উন্নয়নৰ ধাৰা অব‍্যাহত ৰখাৰ স্বাৰ্থত কেশৱ মহন্তক জয়ী কৰোৱাৰ আহ্বান জনায় মন্ত্ৰী শৰ্মাই । কলিয়াবৰত ভৱিষ‍্যতে চিকিৎসা মহাবিদ‍্যালয় নিৰ্মাণৰ পোষকতা কৰি আইন মহাবিদ‍্যালয়খন অতি শীঘ্ৰে আৰম্ভ কৰা হ'ব বুলি জনায় মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.