বঙাইগাঁৱত কিশোৰী অপহৰণৰ ঘটনা: দুমাহে সন্ধান নাই মৰ্জিনাৰ

By

Published : Sep 26, 2022, 1:16 PM IST

thumbnail

ৰাজ্যত পুনৰ পোহৰলৈ আহিছে কিশোৰী অপহৰণৰ আন এক ঘটনা (Kidnapping case) ৷ এইবাৰ ঘটনাৰ স্থান বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ২ নং ধুপুৰী ৷ সন্ধানহীন হোৱা কিশোৰীগৰাকীৰ নাম মৰ্জিনা খাতুন বুলি জানিব পৰা গৈছে ৷ ঘটনাৰ বিৱৰণী অনুসৰি, বিগত ১০ আগষ্ট তাৰিখে মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ সমীপৰ পৰা নিৰুদ্দেশ হৈছিল মৰ্জিনা ৷ ঘটনাৰ পিছতে মাতৃক ফোনযোগে এই খবৰ জনাইছিল মৰ্জিনাই ৷ আলুখুন্দা সাদাৰপাম গাঁৱৰ ফুলবয়েজৰ পুত্ৰ জিয়াৰুল হক নামৰ বিবাহিত ব্যক্তিজনে মৰ্জিনাক অপহৰণ কৰা বুলি মাতৃক জনাইছিল মৰ্জিনাই । জিয়াৰুল হকৰ ঘৰত মাতৃয়ে বিচাৰ খোচাৰ কৰে যদিও সন্ধান নাপালে জীয়ৰীৰ ৷ ঘটনা সংক্ৰান্তত পৰিয়ালবৰ্গই মাণিকপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও এই পৰ্যন্ত আৰক্ষীয়ে কোনো সন্ধান উলিয়াব পৰা নাই কিশোৰীগৰাকীৰ । এই ঘটনাৰ আজি দুমাহ উকলি গ’ল; কিন্তু আজিও সন্ধান নোলাল কিশোৰীগৰাকীৰ ৷ আৰক্ষী থানালৈ বাৰাম্বাৰ তাঁত-বাটি কাঢ়িও পৰিয়ালবৰ্গই লাভ কৰা নাই যুৱতীৰ সন্ধান ৷ কোনো সদাশয় লোকে কিশোৰীগৰাকীৰ কোনো সন্ধান পালে মাণিকপুৰ থানাৰ লগত যোগাযোগ কৰি অৱগত কৰিবলৈ আহ্বান নিৰুদ্দিষ্ট কিশোৰীগৰাকীৰ মাতৃয়ে।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.