বিলাসীপাৰাত আৰক্ষীৰ অভিযানত ৯ জুৱাৰীক আটক

By

Published : Jun 30, 2022, 5:29 PM IST

thumbnail

বিলাসীপাৰাত আৰক্ষীৰ অভিযানত ৯ টাকৈ জুৱাৰীক আটক(Gamblers arrested at Bilasipara) ৷ নয়াহাট উপ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জীতুমনি বৈশ্যৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ ভিত্তিত তুছপাৰা গাঁৱত জেহেৰ আলীৰ বাসগৃহত জুৱা খেলি থকা অৱস্থাত ৯ টাকৈ জুৱাৰীক আটক কৰিবলৈ সক্ষম হয় । আটকধীন জুৱাৰীৰ পৰা নগদ ১২ হেজাৰ টকাসহ ৬ টাকৈ ম'বাইল ফোন আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়(9 gambler arrested in Bilasipara) । আটকাধীন জুৱাৰী কেইটা হৈছে ক্ৰমে, জহৰ আলী,মিজানুৰ হক, ফৰহাদ আলী, আজাদ আলী, ছেলিম মণ্ডল,আজিজুৰ হক, নুৰ আলম, ছানোৱাৰ আলী আৰু বিনোয় দাস ৷ সম্প্ৰতি ধৃত জুৱাৰীকেইটাক বিলাসীপাৰা থানাৰ পৰা জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.