Flood at Rangia again: হুৰহুৰাই বাঢ়িছে ৰঙিয়াৰ পুঠিমাৰী নৈৰ পানী

By

Published : Jul 22, 2022, 5:20 PM IST

thumbnail

হুৰহুৰাই বাঢ়িছে ৰঙিয়াৰ পুঠিমাৰী নৈৰ পানী । বগৰীবাৰীত পুঠিমাৰী নৈৰ মথাউৰিৰ পুনৰ নিৰ্মাণৰ কাম চলি থকাৰ মাজতেই পুনৰ বাগৰিল নৈৰ পানী (Flood at Rangia again) । পুঠিমাৰী নৈৰ অহা ধলে উটুৱাই নিলে ৰিং বান্ধৰ এটা অংশ । ভাঙি যোৱা অংশৰে পানী পুনৰ ৰঙিয়াৰ দিশে সোমাবলৈ ধৰিছে ৷ সম্প্ৰতি পুঠিমাৰী নৈৰ বানে সংহাৰী ৰূপ ধাৰণ কৰাৰ আশংকা প্ৰকাশ কৰিছে ৰাইজে । ফলত খন্দিকৰ, মাদৈকাটা, ধেপাৰগাঁও, হাচানটুক, চেনীমাৰা, বিহাপাৰা, লাহাপাৰা আদি অঞ্চলৰ ৰাইজ আতংকিত হৈ পৰিছে (Water level of Puthimari river in Rangia rising) । যদিহে নৈৰ পানী বাঢ়ি থাকে তেন্তে পৰিস্থিতি পুনৰ ভয়াৱহ হোৱাৰ আশংকা প্ৰকট হৈ পৰিছে । উল্লেখ্য যে, প্ৰায় ডেৰ মাহ পূৰ্বে পুঠিমাৰী নৈয়ে বগৰীবাৰীৰ মথাউৰিটো ছিঙি ৰঙিয়াত বানে তাণ্ডৱ চলাইছিল । মথাউৰি পুনৰ নিৰ্মাণৰ কাম ক্ষিপ্ৰ গতিত চলিব লাগিছিল যদিও লেহেমীয়া গতিত মথাউৰি মেৰামতিৰ কাম চলিছিল । যাৰ ফলত বগৰীবাৰীত পুনৰ ৰিং বান্ধৰ ওপৰৰে পানী বাগৰাত আতংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.