Automobile theft gang in Manikpur: খেদি খেদি ৰাইজে কৰায়ত্ব কৰিলে ই-ৰিক্সা চোৰক

By

Published : Jul 26, 2022, 10:38 AM IST

thumbnail

বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত লুংঝাৰত দেওবাৰে নিশা চুৰি হৈছিল এখন ই-ৰিক্সা । লুংঝাৰ গাঁৱৰ কাশেম আলী আৰু মোমেন আলী নামৰ দুই চোৰে নিশা আক্কাচ আলীৰ ঘৰৰ পৰা ই ৰিক্সাখন লৈ কৰি উধাও হৈছিল । নতুন ই-ৰিক্সাখন ক্ৰয় কৰি ঘৰত থোৱাৰ প্ৰথম নিশাই চুৰি হোৱাত আক্কাচ আলীৰ পৰিয়ালৰ মাজত হুৱাদুৱা লাগে । আক্কাচ আলীৰ পৰিয়ালৰ লগতে স্থানীয় লোকে চাৰিওফালে বিচাৰ খোচাৰ কৰাত হাউলীৰ বি এইচ কলেজৰ সম্মুখেৰে দুই চোৰে ই-ৰিক্সাখন চলাই লৈ যোৱা প্ৰত্যক্ষ কৰে(Public detained thieves) । লগে লগে স্থানীয় ৰাইজে খেদি খেদি ই-ৰিক্সাসহ কাশেম আলীক কৰায়ত্ব কৰিবলৈ সক্ষম হয় যদিওঁ মোমেন আলীয়ে ৰাইজক আক্ৰমণ কৰি সেই স্থানৰ পৰা পলায়ন কৰে । পৰৱৰ্তী সময়ত ৰাইজে ই-ৰিক্সাসহ কাশেম আলীক গেৰুকাবাৰী তহলদাৰী আৰক্ষী চকীত গতাই দিয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.