ৰঙিয়াত শংখ ঘণ্টা বজাই দেৱী দুৰ্গাৰ স্তুতি বন্দনাত ব্যস্ত আয়তীসকল

By

Published : Oct 3, 2022, 12:05 PM IST

thumbnail

আজি মহাষ্টমী (Maha Ashtami 2022)। পুৱাৰ পৰাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত যথাৰীতি অনুসৰি আৰম্ভ হৈছে অষ্টমীৰ পূজা । পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ আৰু পূজা-অৰ্চনাৰে ৰাজ্যজুৰি চলিছে দেৱী দুৰ্গাৰ আৰাধনা (Durga Puja in Assam) ৷ শংখ, ঘণ্টা, মাংগলিক ধ্বনিৰে মুখৰিত হৈছে ৰাজ্যৰ চৌপাশ ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ৰঙিয়াৰ বিভিন্ন পূজাস্থলীতো চলি আছে মহাষ্টমীৰ পূজা (Durga Puja Celebrates in Rangia )। ৰঙিয়াৰ ২ নং ৱাৰ্ডৰ ষ্টেচন ৰোডৰ দুৰ্গা শিৱ মন্দিৰত নীতি-নিয়ম অনুসৰি পূজাৰীয়ে আৰম্ভ কৰিছে অষ্টমী পূজা । ইফালে চাকি-ধূপ জ্বলাই পূজা-অৰ্চনা কৰিছে ভক্তসকলে । আয়তীসকলে শংখ-ঘণ্টা বজাই দেৱী দুৰ্গাৰ স্তুতি-বন্দনা কৰা পৰিলক্ষিত হৈছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.