জখলাবন্ধা আৰক্ষীয়ে নৈশ বাছৰ পৰা জব্দ কৰিলে গৰু

By

Published : Sep 23, 2022, 1:45 PM IST

thumbnail

ৰাজ্যত অব্যাহত আছে অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে অভিযান ৷ ইয়াৰ মাজতে ৰাজ্যত অব্যাহত আছে অবৈধ গৰু সৰবৰাহ কাৰ্য (Illegal cow trafficking continues in Assam) ৷ এইবাৰ বৃহস্পতিবাৰে নিশা জখলাবন্ধা আৰক্ষীয়ে অভিযান চলাই এখন নৈশ বাছৰ পৰা কেবাটাও চোৰাংভাৱে সৰবৰাহ কৰা গৰু জব্দ কৰে (Cattle smuggling by Jakhalabandha Police) ৷ লগতে চোৰাংভাৱে গৰু সৰবৰাহ কৰা কাৰ্যৰ লগত জড়িত দুটা সৰবৰাহকাৰীকো আটক কৰে আৰক্ষীয়ে ৷ আটকাধীন সৰবৰাহকাৰী দুটা ছামগুৰিৰ হাবিবুৰ ৰহমান আৰু কামপুৰৰ ৰিবুল হুছেইন বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.