বাক্সাত কবি সিন্ধুমণি শৰ্মাৰ কাব্যগ্ৰন্থ উন্মোচন

By

Published : Oct 9, 2022, 9:06 PM IST

thumbnail

বাক্সা জিলাৰ ভোটেপোৱাবড়ীত বাক্সা জিলা শিল্পী সমাজৰ উদ্যোগত দেওবাৰে শিক্ষক তথা কবি সিন্ধুমণি শৰ্মাৰ দ্বিতীয়খন কাব্য গ্ৰন্থ “শব্দৰ মাজত বিচাৰো“ উন্মোচন কৰা হয়(Poet Sindhumani Sarmah poetry book released in Baksa ) । গ্ৰন্থখনি উন্মোচন কৰিলে বিশিষ্ট কবি, সাংবাদিক প্ৰদীপ কুমাৰ বৰ্মনে(Book release in Baksa) । ইয়াৰ লগত সংগতি ৰাখি এক গাম্ভীৰ্য্যপূৰ্ণ সভাৰ আয়োজন কৰা হয় ৷ সভাত উপস্থিত থাকে কংকন কাকতি, শিক্ষক ভৱেশ শৰ্মা, বাক্সা জিলা কবি সমাজৰ কুমাৰ অনুপম, বজালী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক কৰুণা মোহন শৰ্মাৰ লগতে বাক্সা বজালী জিলাৰ কেইবাগৰাকীও কবি সাহিত্যিক । সংবাদমাধ্যম যোগে উন্মোচক প্ৰদীপ কুমাৰ বৰ্মনে কয় যে সিন্ধুমণি শৰ্মাৰ কাব্যগ্ৰন্থই সকলোকে আপ্লুত কৰি তুলিছে । তেঁওৰ হাতত প্ৰাণ পাই উঠে চৰাই-চিৰিকতি তথা প্ৰেমৰ কথা ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.