Drugs dispose in Barpeta: বৰপেটাত নিচাযুক্ত সামগ্ৰী-ড্ৰাগছ-গাঞ্জা দাহন

By

Published : Jul 30, 2022, 5:20 PM IST

thumbnail

বৰপেটা আৰক্ষী চাউনী চৌহদত শনিবাৰে দাহন কৰা হয় বহু পৰিমাণৰ নিচাযুক্ত সামগ্ৰীকে ধৰি ড্ৰাগছ আৰু গাঞ্জা(Barpeta police burnt Drugs) ৷ বিগত ছয় মাহত বৰপেটাৰ বিভিন্ন স্থানত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰা নিচাযুক্ত সামগ্ৰী, ড্ৰাগছ আৰু গাঞ্জাসমূহ আনুষ্ঠানিকভাৱে দাহন কৰা হয় ৷ পশ্চিম মণ্ডলৰ আৰক্ষী মহাপৰিদৰ্শক দিলীপ দে'ৰ(West Zone IGP Dilip Kumar Dey) উপস্থিতিত দাহন কৰা হয় এই নিচাযুক্ত সামগ্ৰীসমূহ ৷ দাহন কাৰ্যসূচীত অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ দেবাশীষ কাশ্যপ, আৰক্ষী অধীক্ষক অমিতাভ সিনহা, অতিৰিক্ত আৰক্ষী প্ৰদীপ শইকীয়া আৰু সহকাৰী আয়ুক্ত দীপাংকৰ কলিতা উপস্থিত থাকে ৷ আৰক্ষী মহাপৰিদৰ্শক (আই জি পি) দিলীপ দে'য়ে সদৰি কৰা অনুসৰি শনিবাৰে বৰপেটাত মুঠ ১ কোটি ৭৫ লাখ টকাৰ ড্ৰাগছ আৰু গাঞ্জাসহ নিচাযুক্ত সামগ্ৰী দাহন কৰা হয় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.