বকোত ৰাংজালী বৈশাগু উদযাপন

By

Published : Apr 18, 2021, 10:29 PM IST

thumbnail

দক্ষিণ কামৰূপ বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত দেওবাৰে বকোস্থিত মুখ্য কাৰ্যালয়ৰ প্ৰাংগণত সমূহীয়াকৈ উদযাপন কৰা হয় ৰাংজালী বৈশাগু (বহাগ বিহু) উৎসৱ । পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পাছতে বড়োসকলৰ পিতৃস্বৰূপ উপেন্দ্ৰ নাথ ব্ৰহ্মৰ ফটোত মাল্যাৰ্পণ কৰে আয়োজক মণ্ডলীয়ে । ৰাংজালী বৈশাগু উপলক্ষে সকলো ডেকা-গাভৰুৱে বড়ো জাতীয় সাজপাৰ পিন্ধি আনন্দ-উল্লাসৰ মাজেৰে পৰম্পৰাগত বড়ো নৃত্য-গীত পৰিৱেশন কৰে ৷ দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা এই ৰাংজালী বৈশাগু উৎসৱত বকো অঞ্চলত বসবাস কৰা বড়োসকলে মৌসাগ্লাংনাই, মৌচানাই, দাঔশ্ৰিদেলাই, বাগৰুম্বা আদি নৃত্যৰ মাজেৰে অনুষ্ঠানৰ সফল সামৰণি পৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.