কলিয়াবৰৰ মিছা সামৰিক শিবিৰত স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন

By

Published : Aug 15, 2022, 11:11 AM IST

thumbnail

স্বাধীনতাৰ 75 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেশজুৰি পালন কৰা হৈছে 'আজাদী কা অমৃত মহোৎসৱ'(76 independence day of india) । কলিয়াবৰতো মহকুমা প্ৰশাসনৰ লগতে শিক্ষানুষ্ঠান তথা অন্যান্য সামাজিক-সাংস্কৃতিক অনুষ্ঠানে 'আজাদী কা অমৃত মহোৎসৱ'ৰ লগত সংগতি ৰাখি নিৰ্ধাৰিত বিভিন্ন কাৰ্যসূচী পালন কৰিছে(Azadi Ka Amrit Mahotsav) । কলিয়াবৰৰ ঘৰে-ঘৰে উৰিছে জাতীয় পতাকা । স্মৰণ কৰা হৈছে ভাৰতৰ স্বাধীনতা আন্দোলনত নিজৰ সৰ্বস্ব বলিদান দি আমাক এখন স্বাধীন ভাৰত উপহাৰ দিয়া দেশৰ মুক্তি যুঁজাৰু তথা স্বাধীনতা সেনানীসকলক । কলিয়াবৰৰ মিছা সেনা চাউনিত দেওবাৰে 'আজাদী কা অমৃত মহোৎসৱ'ৰ লগত সংগতি ৰাখি শিশুসকলৰ মাজত মিনি মাৰাথন আৰু মহিলাসকলৰ মাজত ৱাকাঠান প্ৰতিযোগিতা আয়োজন কৰা হয় ৷ অনুষ্ঠানটো আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে বিগ্ৰেডিয়াৰ আনন্দ কুমাৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.